আচলি বিহু- দেৱ দাস

©Admin
0
“আৰু কোন ক'ত আছে একেবাৰে মাত। আমনি লাগিছে আৰু! কিমান বাৰে বাৰে সোলোকাম কিমান পিন্ধিম, কিমান উঠিম?” মানুহজনৰ খং উঠি আছিল, কিন্তু প্ৰকাশহে কৰিব পৰা নাছিল। এইবাৰ অলপ প্ৰকাশ পাই বনকৰা ছোৱালী জনীকে ক'লে । খং উঠাৰে কথা। ৰাতিপুৱা গাটো তিয়াই উঠি চাহকাপ হাতত লওঁতেই, ওচৰৰ এঘৰৰ বোৱাৰী এজনীয়ে আৰম্ভ কৰাৰ পৰা তেতিয়ালৈকে দহ বাৰ মানেই উঠা হ'ল। তথাপিও সিহঁত কিজনীৰ হেঁপাহ পলুৱা নাছিল। এজনী এজনীকৈ আহিয়েই আছিল।
    যোৱা মাহতে মৰিগাৱঁৰ ভিতৰুৱা গাৱঁৰ পৰা জীয়েকৰ ঘৰলৈ আহিছিল মানুহজন। জোঁৱায়েক যাদৱ নাথে শহুৰেকক উৰুকাৰ ভোজ খাই যাবলৈ আৰু বিহুৰ পিছত গাড়ীৰে থৈ আহিব বুলি কোৱাত ৰৈ গৈছিল। 
     বিহুৰ দিনা পুৱা চাহ খোৱাৰ সময়তে ওচৰৰ বোৱাৰী এজনীয়ে গুৱা-পাণৰ বটা লৈ আহি সেৱা জনাইছিল। যাদৱৰ ভতিজী লিপাই মোবাইলেৰে ফটো তুলি ফেচবুকত ষ্টেটাছ দিছিল - “ বিহুৰ দিনা ককাক খুৰীয়ে প্ৰণাম জনাইছে”। বচ । আৰম্ভণি হৈ গ'ল। এজনী এজনী কৈ ছোৱালী বোৱাৰী বোৰ আহিয়েই থাকিবলৈ ল'লে। কোনো জনীয়ে লাড়ু পিঠা জলপানৰ থালি আগত থৈ, কোনো জনীয়ে ভোগালীতে বিহুৱান দি, কোনো জনীয়ে গুৱা-পাণ আগবঢ়াই কেমেৰালৈ চাই সেঁৱাকৰা ফটো চেছন চলি থাকিল। সিহঁতৰ কাৰণে বাৰে বাৰে ধূতি-কামিজ পিন্ধিব লগা হৈছিল।
     “কি বিহু আজি কি হ'লহি” অসিতিপৰ খগেন নাথে ভাবিলে। বিহুলৈ এমাহ থকাৰ পৰাই বৰগছ কাটি খৰি ফলা,নৰাকটা, হাৰলি সজা, গাৱঁৰ পৰা আঁতৰত ভেলাঘৰ সজা, ৰাতি ভেলাঘৰত কোনোবা ছোৱালীৰ নাম লৈ লৈ বনঘোষা গোৱা আদি কোনো কামলৈকেই মাইকী মানুহ অহা নাছিল। আজি কালি ভেলাঘৰত গায়ক মাতি গানৰ চেৱে চেৱে একেলগে নাচি-বাগি, ভোজ-ভাত খোৱা, মোবাইল ফোনেৰে ফটো উঠা,টি ভিত ওলাবলৈকে সাংবাদিকৰ আগত হেতাউপৰা কৰাত
 পুৰুষতকৈ মহিলাৰ হে কোব চৰিছে। ভোগালী ৰঙালীৰ পাৰ্থক্য নোহোৱা হৈছে। গাৱঁৰ বিহুৱে চহৰত বাট হেৰুৱাই ধুঁৱা-কুঁৱা দেখিছে। মঠ-মন্দিৰ, ৰংঘৰ কাৰেংঘৰৰ আৰ্হিত সজা বিহুঘৰ জ্বলাই দিছে।
****************
     বিহুলৈ দহ দিনমান থাকোঁতেই উপেন, প্ৰসাদ, ভবেন, ৰত্ন, ললিত,উমা লগলাগি, সিহঁতৰ আৰু ভবেনহঁতৰ বাহঁনিৰ পৰা বাহঁ কাটি আনি ,উমাহঁতৰ ঘৰৰ আগফালৰ পথাৰত ভেলাঘৰটো সাজিছিল। ওখ বুলিবলৈ কোনো মতে চাপৰিহে সোমাব পাৰি। গিৰিয়েক ঘৈনীয়েক আৰু তিনিটা ল'ৰা ছোৱালীৰে মুঠ পাঁচটা কুলক্ষিনীৰ হাৰলি সাজিছিল। সিহঁতৰ দুটামান ফাইব চিক্সৰ বছৰেকীয়া পৰীক্ষা দি ৰিজাল্টলৈ বাট চোৱা আৰু বাকীকেইটা স্কুল এৰা। ঘৰৰ পৰা চাউল, নিমখ তেল আনি পুখুৰী সিঁচা, জাকৈ বোৱা মাছেৰে সদায় ভোজ সন্ধিয়া খায়। বাৰীৰ পৰা মূলা, বেঙেনা, জাতিলাউ, উৰহী যি পাই তাৰেই মাছৰ এখন আঞ্জা সিজায় । উমাৰ দেদায়েহঁতে শিঙি মাছ, কেঁকোৰা কুচিয়া সিজাই খোৱা বাহিৰৰ কেৰাহীটোতে ৰন্ধা বঢ়া হয়। এদিন সিহঁতৰ চুবুৰিৰ এটা মানুহ মৰা বাবে মাছলৈ নগ'ল। ভেলাঘৰটোৰ ওচৰতে ভবেনহঁতৰ এজোপা অমিতা গছ আছিল। ওখ গছজোপাত কেইটামান অমিতা লাগি আছিল।বাঁহৰ হাকুটিৰে পৰাৰ চেষ্টা বিফল হোৱাত ঘৰৰ পৰা দাঁ এখন আনি ৰত্নই গছ ডাল গুৰিতে কাটি দিলে। অমিতা গুচাই কলপাতত নিমখ সানি খাই থাকোঁতেই ভবেনৰ মাক আৰু উমাৰ মাকে জেং খৰিৰে সকলোকে উধাই মুধাই কোবোৱাত পলাই পত্ৰং দিছিল।
কিছু পৰৰ পিছত আহি আকৌ খাবলৈ আৰম্ভ কৰিছিল।
     “ককা , বাইদেৱে বিহু জলপান খাবলৈ মাতিছে”। বনকৰা ছোৱলীজনীয়ে মাত দিলে। কেঁচা
টোপনিৰ পৰা সাৰ পাই উঠাৰ দৰে খক্ মক্ কৈ উঠি -‘অঁ, অঁহ অঁহ’ কৈ বিছনাত বহি কলে -“ এইবাৰো ফটো উঠিবলৈ নে?”
তাই উত্তৰ দিলে-“ নহয় সঁচাকৈ খাবলৈ মাতিছে”।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)