বিদ্ৰোহী সেনাপতি ভাগৰিল- অনন্ত কুমাৰ ভূঞা

©Admin
0
বিদ্ৰোহী সেনাপতি ভাগৰিল
চিনাকি দশক বোৰত
বন্দুকৰ গুলিত বহু জন বাগৰিল
উত্তেজিত ভাষণত আৱেগ উতলিছিল
কণ্ঠত নিষ্পেষিত জনতাৰ শ্ল'গান 
স্ব-অভিমানৰ দাবী স্ব-অধিকাৰ
সংগ্ৰাম স্থবিৰ হয় দীঘলীয়া বাটত 
অহংকাৰৰ প্ৰতীক মেজাজী স্বভাৱ
বহ্নিশিখাৰ দৰে প্ৰৱল প্ৰখৰ
ক্ষীপ্ৰ গতিত ৰক্ত সঞ্চালন হয়
উগ্ৰ চিন্তাৰ তেজস্বী মন
চিৰস্থায়ী নহয় ক্ষণস্থায়ী জীৱনত
তেজেৰে ধোৱা দুখন হাত
শিৰত বন্দুক টোৱাই লুটি নিছে ধন
ডাঠ জংঘলত আত্মগোপন 
দশক বাগৰিছে মৃত্যুৰ সংখ্যা বাঢ়িছে
সাৰুৱা পথাৰত
কত' পিতৃয়ে হেৰুৱাইছে পুত্ৰক
স্বামীহীনা এজাক মহিলা
আজিও কান্দে উচুপি উচুপি 
এইয়া যে বিপ্লৱৰ নিমিলা অংক
বিপ্লৱী ফৰ্মুলা গোট মাৰিছে
বয়সে হেঁ‌চা মাৰিছে স্বাস্থ্য হেলনীয়া হৈছে
জনতাই অগ্ৰাহ্য কৰিছে বিপ্লৱৰ গান 
আত্মবিশ্বাস হেৰাইছে
স্থবিৰতাই পোখা মেলিছে 
হেৰুৱাইছে  আঁ‌কোৰগোঁ‌জ স্থিতি
দুৰ্বল হৈছে যুক্তি 
আত্মপক্ষ সমৰ্থনত ব্যাকুল
দেশৰ স্বাৰ্থত পাগুলিছে শান্তিৰ অৰ্থ 
বাৰ্দ্ধক্যই শুকুৱাইছে শৰীৰ আৰু মন 
ছেদেলি-ভেদেলি হৈছে বিপ্লৱী সৈনিক
সময়ে যি বিচাৰে সেয়াই প্ৰাপ্য 
আজি বিদ্ৰোহৰ সেনাপতি ভাগৰিল।
======================

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)