ছিপাঝাৰ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ এক শিহৰণ -নৱজিৎ নাথ

©Admin
0
ছিপাঝাৰ মহাবিদ্যালয়ৰ
  দৰ্শন বিভাগৰ 
 আমাৰ প্ৰাণৰো‌ অপোন 
  এটি বিশেষ বিভাগ
যাৰ প্ৰতিটোৰে মিঠা অনুভৱৰ 
 বতৰাই শুকাই যাবলৈ 
ধৰা মনৰ অগভীৰ দাপোনতো
  আনে সেউজীয়া সেউজীয়া
     এক মিঠা শিহৰণৰ 
এজাক আশাৰ মধুৰ বতৰা।।

বুকুৰ উদাস মনতো
সেই বন্ধু আৰু বান্ধবী 
হাঁহি ধেমালিৰ আনন্দবোৰ 
প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ
 মধুৰ ক্ষণবোৰ আৰু 
প্ৰতিটো স্মৃতিয়ে আজিও 
 উজ্জীৱিত কৰি পেলায় ।।

দৰ্শন বিভাগৰ মুৰব্বী তথা 
মৰমৰ অনন্ত বৰুৱা ছাৰ 
ভাললগা মিঠা মিঠা শব্দবোৰ ,
 মৰমৰ তিলক ডেকা চাৰৰ 
 ৰাতিপুৱাৰ প্ৰথম ক্লাছটো।।


 মৰমৰ তৰুণ শৰ্মা ছাৰৰ
  অকৃত্ৰিম মৰম আৰু হাঁহিটো।
  মৰমৰ মানস ডেকা চাৰৰ
  ইংৰাজীৰ গভীৰ শব্দবোৰৰ 
  আমনি নলগা সেই আপোন ক্লাছটো ।
  সঁচাকৈ, কেতিয়াও পাহৰিব নোৱাৰিম।।

প্ৰতিটো ক্লাছৰ পিছত
বিভাগৰ সন্মুখৰ বেঞ্চত 
কেতিযাবা কৃষ্ণচূড়া দেশৰ তলত
আকৌ,আন কেতিয়াবা নাহৰৰ দেশত
নিৰিবিলি ছাঁৰ তলত 
সকলোৱে বহি পতা হাঁহি ধেমালিৰ
মধুৰ খিলখিলনী আৰু 
প্ৰতিটো ফটোৰ আড্ডাবোৰ।।


চাৰ আৰু বাইদেউ  
বন্ধু আৰু বান্ধৱীৰ
গভীৰ মৰমবোৰ
সদায় ভালে থাকক ।।
ছিপাঝাৰ মহাবিদ্যালয় 
প্ৰতিটো আবেগ হওক মধুৰ,
  অনুভৱবোৰ হৈ পৰক সদায় মিঠা।।
  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)