মুখৰ সেই হাঁহি
বতাহে বাগৰ মৰা নৈৰ পানীত
মই মোৰ মুখ বিচাৰি
হাহাকাৰ কৰি ফুৰোঁ
এই দেখোঁ দেখোঁ
নাই নেদেখোঁ
মুহূৰ্ততে দীঘল-বহল কিম্ভুতকিমাকাৰ
চিনো চিনো
নাই নিচিনো
শেষত অবুজ বেমেজালি
বোৱতী নৈখন বালিত ডুবাৰ পৰাই
ডুব গ’ল মথাউৰি জুপুৰা হাবিত
বালি ঢাকি গজিল শুকুলা ফুল
দাপোণ ধূসৰিত ছবি যেন
যিদৰে দেৱালত আওজি থৰ হৈ ৰ’লা তুমি ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ