জীৱন সপোন আৰু বাস্তৱ -ৰিমাশ্ৰী কোঁচ ৰাজবংশী

©Admin
0
সপোনবোৰে পাখি মেলি আকাশত উৰে 
জীৱনে তাৰ পাছে পাছে দৌৰে ,
আৰু দিঠকে মায়াবী মৰীচিকা হৈ জীৱন আৰু সপোনৰ লগত লুকা - ভাকু খেলে ।

ভৱিষ্যতৰ ভাৱনাই আজি বৰকৈ আমনি কৰিছে,
সপোনবোৰে হৃদয়ত খলকনি তুলিছে
হৃদয়ৰ প্ৰাচীৰ ভাঙি বাহিৰ ওলাব খুজিছে।
জীৱন হতাশাত ভুগিছে ,
দুচকুত সপোনক হেৰুৱাৰ ভয়  

সপোনবোৰে অসীমলৈ গতি কৰিছে ।
জীৱনটো অন্ধকাৰ কোঠাৰ ভিতৰতে সীমাবদ্ধ হৈ ৰৈছে ।
সেইবাবে চাগৈ দিঠকে আজি জীৱনৰ লগত হেতালি খেলিছে ।

সপোনে কয় আকাশ চুবৰ মন 
জীৱনে বোলে নাই মোৰ মন ।
কেনেকৈ বুজাওঁ বাৰু অবুজন সপোনক যে জীৱনৰ ইমানখিনি সাহস নাই যে তাৰ সৈতে পখিলা হৈ পাখি মেলি উৰিব !
জীৱনে জানে কেৱল দিঠকত ছয়া - ময়া সপোনৰ মৰীচিকাৰ পম খেদিব ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)