তুমিহীনতাত।
তুমিবিহীনতাত মোৰ হৃদয়ে
ব্যৰ্থতা আৰু হতাশাবোৰক সাৱটি।
তোমাৰ ভাৱনাই কৰিছে আজি আমনি
নেত্ৰজলেৰে হিমচেঁচা কৰি
হৈ পৰিছোঁ দিশহাৰা।
বিষাদতাৰে পৰিপূৰ্ণ ভগ্ন হৃদয়খন
আজি যেন উকা কাগজৰ কিৰণ হৈ
জিলিকি উঠিছে।
স্মৃতিত সজীৱ হৈ ৰোৱা উজাগৰী নিশাৰ সেই
মধুময় ক্ষণৰ কথোপকথনে
মোক ব্যাকুল কৰি পেলাইছে।
জীৱনৰ নৌকাত তোমাক লৈ দেখিছিলোঁ
অস্তযোৱা সূৰুযৰ হেঙুল ৰেঙণি।
পুৱাৰ ৰামধেনুৰ কিৰণত ভাবিছিলোঁ
অলৌকিক পক্ষী হৈ মৰীচিকা খেদিম।
এজাক সপোন ৰচিম। কিন্তু. ...
দুৰ্ভেদ্য মলিনতাৰ নিৰ্লিপ্ত নিয়তিয়ে
সুখৰ সমাহাৰ আৰ্তনাদ কৰি পেলালে।
তুমি মোৰ স্মৃতিকে স্বাভিমান কৰি
উজাগৰী কটাইছোঁ বিচ্ছেদত চকুলু টুকিছোঁ।
স্বপ্নতে সুবাস হৈ স্বাভিমানেৰে ভৰি আছোঁ।
✍️জ্যোতিষ্মান চমুৱা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ