শৰৎ আকৌ আহিব -চুমিআৰা বেগম

©Admin
0
এমুঠি আৱেগ লৈ অপেক্ষা মাথোঁ
শৰৎ অহালৈ,
কেঁচা কলিজাটোত বান্ধি ৰাখিছোঁ
এগালমান ৰঙীন সপোন।
লুকুৱাই ৰাখিছোঁ কিমান যে বেদনা
 মোৰ এই মৌন ওঠ দুটিৰে
 চেঁচা পৰি থকা হৃদয় খনেও 
সাঁচি ৰাখিছে অনাবিল ভালপোৱা।
অপেক্ষা মাথোঁ শৰৎ অহালৈ
প্ৰাণ ভৰি এবাৰ তোমাক চাবলৈ,
আকাশৰ নীলাবোৰেৰে লুকুৱাই ৰাখিম
তুমিবিহীন দিনবোৰ পাৰ কৰাৰ কথা ।
আৰম্ভ হ'ব আকৌ এটি শৰতৰ সন্ধিয়া
আৰু পুৱাৰ বেলিয়ে আবিৰ সানিব 
আমাৰ এই বিৰহৰ ভালপোৱাত...।

✍️চুমিআৰা বেগম , চিপাঝাৰ (দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)