এজন জাপানীজ ব্যক্তিৰ প্ৰেৰণাদায়ক মন্তব্য আৰু কিছু অনুভৱ - চুমিন্দ্ৰ চৌধুৰী

©Admin
0
গুৱাহাটীৰ প্ৰেছ ক্লাৱত যোৱা দেওবাৰৰ দিনাখন মোৰ নৱতম সৃষ্টি " ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি" উপন্যাসখনৰ শুভ উন্মোচনী কৰি আহি আজি অফিচৰ নিজৰ কুঠৰীটোত সোমায়েই মনটো ভাল লাগি গ'ল। টেবুলতে এটা সুন্দৰ উপহাৰৰ পেকেট। পেকেটটো খুলি দেখিলো হেক্টৰ গাৰ্চিয়া আৰু ফ্ৰান্সেছ মিৰালেছৰ ৰচিত 'ইকিগাই' নামৰ সুন্দৰ কিতাপ খন । এইচ্ আৰ ডিপাৰ্টমেন্টৰ গৈ খবৰ লৈ গ'ম পালো মই কৰ্মৰত হৈ থকা কোবেল্কো নামৰ কোম্পানীটোৰ মুখ্য সঞ্চালক টাকেমিচি হিৰাকাৱা চানে ( মহাশয়ে ) বৰদিন উপলক্ষে মোক সেই কিতাপখন উপহাৰ দিছে। 
কথাটো গম পাইয়েই হিৰাকাৱা চানক ধন্যবাদ জনাবলৈ তেখেতৰ কুঠৰীটোলৈ গৈ পুৱাৰ অভিবাদন জনাই তেখেতে দিয়া বৰদিনৰ উপহাৰটোৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
তেখেতেও মোক প্ৰতি অভিবাদন জনাই মোৰ গ্ৰন্থ উন্মোচন কেনেদৰে পাৰ হৈ গ'ল বুলি সুধি মোৰ কিতাপখনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিলে। তেতিয়া মই ক'লো চান মোৰ এই কিতাপখন মোৰ মাতৃভাষা অসমীয়াত লিখিছো। কিতাপখন ইংৰাজীলৈ অনুবাদৰ কাম চলি আছে। তেতিয়া আপোনাক মোৰ ইংৰাজী অনুবাদৰ কপিটো দিম। মোৰ কথা শুনি তেওঁ মোক আচৰিত কৰি কৈছিল, তোমাৰ কিতাপখনৰ ভাষা নুবুজিলেও সেই কিতাপখন সমাজ এখনৰ বাবে এটা ডাঙৰ উপহাৰ। গতিকে সমাজৰ প্ৰতি তুমি বৰদিনৰ দিনাই আগবঢ়োৱা উপহাৰটো এবাৰ নিজ হাতে চুই চাব বিচাৰো। 

হিৰাকাৱা চানৰ হিয়া ভৰা উৎসাহ দেখি সচাঁই আনন্দিত হৈছিলো। সেই আপাহতে তেখেতৰ হাতত মোৰ নৱতম উপন্যাসখনৰ কপি এটা তুলি দি ছবি এখন তুলি ৰাখিলো। 

অসমীয়াৰ 'অ' টো নজনা হিৰাকাৱা চানৰ কথাখিনিয়ে মনৰ মাজত ৰাতিপুৱাই কিছুমান অনুভৱ জগাই তুলিলে । তাকেই আজি আপোনালোকক অৱগত কৰাব বিচাৰিম। 

 আমাৰ দৰে নতুন লেখক সকলে কিতাপ এখন প্ৰকাশ কৰি বহুত আগ্ৰহেৰ কিছুমান প্ৰতিষ্ঠিত আৰু সমাজৰ নামজ্বলা ব্যক্তিক আগ্ৰহেৰে আমন্ত্ৰণ কৰে । তেওঁলোকক নিমন্ত্ৰণ কৰে তেওঁলোকৰ কান্ধত উঠি কিতাপখনৰ বিক্রী বঢ়াবলৈ নহয়। দৰাচলতে তেওঁলোকৰ পৰা আশীৰ্বাদ আৰু পৰামৰ্শ লাভৰ বাবেহে নতুন লেখক এজনে কিতাপ এখন প্ৰকাশ কৰি সমাজৰ নামজ্বলা লেখক সকলক গ্ৰন্থখন উন্মোচন কৰিবলৈ নিমন্ত্ৰণ জনায়। 

পাছে বিগত দুই বছৰত চাৰিখন গ্ৰন্থ উন্মোচন কৰি এই ক্ষেত্ৰত হোৱা কিছুমান ব্যতিক্ৰমী অভিজ্ঞতাৰ কথা লিখিবলৈ মন গ'ল । নতুন লেখক এজনে কিতাপ এখন লিখি কিতাপখনৰ উন্মোচনীৰ বাবে নিমন্ত্ৰণ জনালে আমাৰ কিছু সংখ্যক প্ৰতিষ্ঠিত লেখকে বিভিন্ন অজুহাত দেখুৱাই উন্মোচনী সভালৈ নাহে। কিছু সংখ্যকে আহিম বুলি এনেই শলাগি যদিও পাছত নাহে । কিছু সংখ্যকে নিমন্ত্ৰণ ৰক্ষা কৰি আহে যদিও কিতাপখনৰ উন্মোচনৰ পাছত লেখক জনক কিতাপখনৰ বিষয়ে একো মতামত নজনাই । দুই একে আকৌ লেখক জনৰ নামটোৱেই পাহৰি পেলায় । এই কথাটোৰ পৰা এইটোৱেই বুজিব পোৱা যাই যে তেখেতে কিতাপখনৰ হয়তো এটা পৃষ্ঠাও পঢ়াই নাই আৰু হয়তো ভৱিষ্যতেও নপঢ়িবই। খুব কমসংখ্যক উন্মোচকেহে নতুন লেখকজনৰ কিতাপখন পঢ়ি লেখকজন অথৱা প্ৰকাশকৰ ভূলক্রতিবোৰ আঙুলিয়াই দিয়ে। 
অথচ কলিকতাৰ এক বিশেষ সংস্থাই চলোৱা সমীক্ষামতে কলিকতা বইমেলাত প্ৰতিষ্ঠিত লেখকৰ তুলনাত নতুন লেখকৰ কিতাপৰ বিক্রী সৰ্বাধিক হয় । কিন্ত তাৎপৰ্য্যপূৰ্ণ কথাটো হ'ল বইমেলাতেই নতুন লেখক সকলৰ মাজৰ পৰা বহু কেইজন লেখক পৰবৰ্তী কালত প্ৰতিষ্ঠিত লেখক হিচাপে আত্মপ্ৰকাশ কৰে। আত্মপ্ৰকাশ কৰা সেই নতুন লেখক সকলক আগুৱাই যোৱাত সহায় কৰে সমাজৰ অভিজ্ঞ আৰু প্ৰতিষ্ঠিত লেখক সকলে। 
 প্ৰকাশ কৰা কিতাপ এখনৰ আৰঁত এজন নতুন লেখকৰো বহুত আশা প্ৰত্যাশা জড়িত হৈ থাকে। জড়িত হৈ থাকে নিজৰ অভিজ্ঞতা, চিন্তা, অনুভৱ আৰু দৃষ্টিকোণেৰে দেখা প্ৰতিচ্ছবিক পাঠকৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস আৰু সমাজৰ মাজত এজন প্ৰতিষ্ঠিত লেখক হোৱাৰ সপোন। এই ক্ষেত্ৰত প্ৰতিষ্ঠিত লেখক সকলেও দায়বদ্ধতাৰে নতুন লেখকক তেওঁলোকৰ ভূলক্রতি বোৰ আঙুলিয়াই উৎসাহিত কৰাৰ অতি প্ৰয়োজন হৈছে। অন্যথাই তেওঁলোকৰ অৱৰ্তমানত উত্তৰপুৰুষ সকলে মাতৃভাষাটোৰ বিকাশ সাধন কৰিব নোৱাৰিব। ফলস্বৰূপে নিজৰ মাতৃভাষাটোৰ শ্ৰীবৃদ্ধি নঘটি অৱক্ষয় ঘটাটো খাটাঙ। 

 ২০২১ চনত মিজোৰামৰ পটভূমিত ৰচনা কৰা জীৱনৰ প্ৰথমখন উপন্যাস 'বিহংগম দৃষ্টিত মিজোৰাম ' কিতাপখন প্ৰকাশ পোৱাৰ পাছত মিজোৰামৰ মুখ্যমন্ত্ৰী মহোদয়ে মোক দিল্লী মিজোৰাম ভৱনলৈ আমন্ত্ৰণ দি কৰা অভ্যৰ্থনাৰ কথা মনত পৰিলে আজিও মনটো ৰোমাঞ্চিত হৈ পৰে । আৰু সিদিনাখনেই দিল্লীৰ মিজোৰাম ভৱনৰ পৰা কেইগজমান দূৰত থকা অসম ভৱনত থকা নিজৰে মুখ্যমন্ত্ৰী জনক দেখা কৰিবলৈ গৈ তেখেতৰ সাংগোপাংগো সকলৰ হাতত সপৰিয়ালে হোৱা লটিঘটি খোৱা কথাখিনি মনত পৰিলেই মনটো কোচখাই আহে । তথাপিও জাতিটোক ভাল পাওঁ, ভেটিটোক ভাল পাওঁ, ভাষাটোক ভাল পাওঁ। কোনোবাই পঢ়ক নপঢ়ক লিখিবলৈ ভাল পাওঁ লিখি যাম। পঢ়াই পঢ়িব নপঢ়া বাদ পৰি ৰ'ব।

চিৰ চেনেহী মোৰ ভাষা জননী ।

ধন্যবাদ। 

✍️চুমিন্দ্ৰ চৌধুৰী,
সাহিত্য অভিযন্তা
নয়ডা, উত্তৰ প্ৰদেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)