প্ৰতীক্ষা - প্ৰিয়ংকা বৰা

0
               
ডাঠ কুৱঁলীয়ে ঢাকি ৰখা
এটি নীৰস ৰাতি
স্মৃতিৰ দুৱাৰদলিত থিয় দি
হৃদয়ত কিছুমান খৰাং বেদনা লৈ 
বিচাৰি ফুৰিছোঁ
মোৰ জীৱনৰ পৰা
হেৰাই যোৱা জোনাকখিনি।
প্ৰতি মূহুৰ্তত হেৰুৱাই পেলাইছোঁ
মই মোৰ নিজৰেই ঠিকনা,
পূৰ্ণ জোনাকো আজি যেন
তোমাৰেই প্ৰতীক্ষাত।
তুমিতো নাজানা তুমি যে মোৰ বাবে আছিলা
শাৰদী নিশাৰ স্নিগ্ধ জোনাক,
মোৰ হৃদয়ে আজি মাথোঁ বিচাৰিছে
কেৱল তোমাক।
তুমি আঁতৰি যোৱাৰে পৰা মোৰ বুকুৰ
জোনাকবোৰো যেন ক'ৰবাত হেৰাই থাকিল,
মেঘাচ্ছন্ন আকাশৰ কলিয়া ডাৱৰবোৰে
আজি চোন পূৰ্ণিমাৰ জোনটোকো ঢাকি ধৰিল।
মোৰ পদূলিৰ শেৱালীজোপাওঁ আজি
শাৰদী নিশাৰ পূৰ্ণিমাৰ জোনটিৰ অপেক্ষাত,
ময়ো আজি ৰৈ আছোঁ দুৱাৰদলিত
স্মৃতিবোৰ সামৰি তোমাৰ প্ৰতীক্ষাত।
                    
✍️প্ৰিয়ংকা বৰা
কাকজান মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)