এৰি থৈ আকাশৰ বহু বহু ওপৰত
আহি ৰৈ আছো ।
বহু বহু তলত তমসাচ্ছন্ন
এটা বৃহৎ গোলক
যেন সমস্ত ৰাহুগ্ৰস্ত
য'ত মই মোৰ কুটিৰটো
এৰি থৈ আহিছো ।
একে থৰে গোলকটো চাই আছো
চাই আছো চাই আছো
লাহে লাহে তমসাবোৰ
তৰপে তৰপে ধোঁৱাৰ দৰে
কুণ্ডলী পকাই আঁতৰি যাব লাগিছে
খালি হোৱা ঠাইবিলাক
এফালৰ পৰা জিকা ফুলৰ দৰে
ধুনীয়া হৈ গৈ আছে ।
একে থৰে চাই থাকিম চাই থাকিম
তেতিয়ালৈকে
যেতিয়ালৈকে গোটেইখন ধুনীয়া হৈ নপৰে ।
শেষত মোৰ কুটিৰলৈ মই ঘূৰি আহিম ।
✍️সৌৰভ কুমাৰ বৰুৱা ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ