পাখি ভঙা চৰাইজনী -দিপশিখা ৰাজকোঁৱৰ

©Admin
0
ছোৱালী হৈ 
জন্ম লোৱাটোৱেই
আমাৰ ভুল নেকি.........
আমাৰো বৰ মন যায় অ 
স্বাধীনভাৱে জীয়াই থাকিবলৈ
আমি নিবিচাৰোঁ 
সজাৰ বন্দী
অসহায় চৰাইজনী হ'বলৈ...
মুক্ত হৈ দুপাখি মেলি উৰিবলৈ
আমাৰো মন যায় নিজমনে।
ছোৱালী হলো বুলিয়েই 
কি
আমি একো কৰিবলৈ নোৱাৰিম
আমাৰো অধিকাৰ আছে
আমাৰো শক্তি আছে
 জীৱনৰ
প্ৰতিটো খোজতে যুঁজিবলৈ।
ঘৰৰ চাৰিবেৰৰ মাজত সোমাই
আমি জানো সপোন বিচাৰি
সফল হ'ব পাৰিম............
সমাজৰ মানুহে সমালোচনা
কৰাৰ অজুহাতত কিমান দিন
আমি সপোনবোৰ মোহাৰি দিম
জীৱনৰ আচল অৰ্থ বুজিবলৈ
বিচাৰোঁ ছোৱালী জীৱনতে
আমি হাতৰ পুতলা নেকি
যেনেকৈ নচুৱাই থাকা 
তেনেকৈ
অবিৰামভাৱে নাচি থাকিবলৈ।
উপযুক্ত বয়স হ'ল বুলিলেই
বিয়া দিবলৈ খৰখেদা কৰা
এবাৰো সুধি নোচোৱা
আমিও যে জীৱনত কিবা এটা কৰি
নিজৰ ভৰিৰ ওপৰত থিয় হ'ব বিচাৰোঁ 
কিবা এটা কৰিলে কোৱা
এইটো নকৰিবি ছোৱালীয়ে
এনেকৈ কৰিব নাপায়
ছোৱালী হ'লে 
সন্ধিয়াৰ আগে আগে
ঘৰলৈ অহাতো বাধ্যতামূলক
মুঠৰ ওপৰত এইটো নকৰিবি
সেইটো নকৰিবি.............
তেনে আমি কৰিম কি?
অহ পাহৰিছিলোৱেই
পাখি ভঙা চৰায়ে যে কেতিয়াও
বিচাৰিলেও আকাশৰ বিশালতাত
উৰিব নোৱাৰে সৌন্দৰ্য্য বিচাৰি 
সকলো মুঠতে আনৰ মতে
তাৰ মাজতেই দুখবোৰ লুকুৱাই
আমি আনক দেখুৱাই
হাঁহি থকাৰ অভিনয় কৰোঁ
পুৰস্কাৰ পাওঁ কেইটিমান শব্দ
"তুমি সুখী হৈছা" .......
কিন্তু আমিহে বুজি পাওঁ
ছোৱালী হ'লে কেনেকৈ
জীৱন অতিবাহিত কৰোঁ।
এবাৰ ভাবি চাব 
ছোৱালী হৈ
পাখি ভঙা চৰাইজনী হৈ
জীয়াই থাকিবলৈ বৰ কষ্ট হয়
উৰিবলৈ দিয়ক আমাক মুক্ত মনে
আমাৰ সজা খুলি দিয়ক
কলিতে মোহাৰি নিদিব সপোন
আধাতে সামৰি নিদিব 
আমাৰ লক্ষ্য।
______________________

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)