বেকাঁকৈ স্বাৰ্থ সিদ্ধি কৰিবলৈ
নিশিকিলোঁ তাচ্ছিল্যৰ হাঁহি,
আদৰ্শৰ পুতলা ছাই কৰি
ওমাল সান্নিধ্যক আঁকোৱালি ল'বলৈ ?
বিবেক য’ত বিদ্যমান !
নোৱাৰিলোঁ,
নোৱাৰোঁ !
অ’ পাৰোঁ মই ত্যাগ কৰিব,
সেই নাঙঠ সত্তাক মানি ল'বলৈ ,
য’ত জী উঠে মোৰ অস্তিত্বৰ সেউজী ধাননিডৰা !
সেয়ে এইজনা আজি আদৰ্শৰ পুতলা
যি নহয় সময়োপযোগী!
স্বাৰ্থলোভী, ভোগ্য বসুন্ধৰাৰ!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ