নিমিত্ত হে আমাৰ জীৱন- অনিল বৰ্মন

©Admin
0
এখোজ-দুখোজকৈ...
গৈ আছো পথাৰৰ আলিবাটেৰে ;
নিয়ৰ সনা দুৱৰি গছকি যাওঁ
সৌৱা বুঢ়াদিয়া নৈৰ ঘাটলৈ...।।
দেখিছোঁ বেলিটি কুঁৱলীৰ ফাঁকেৰে
ওলালে লাজুক-লাজুক কৈ ;
বাৰে বাৰে ওৰণি ঢাকি লয়
কুঁৱলীৰ শুভ্ৰ আঁচলৰে...!!
নৈৰ সৈতে কথা-পাতি শিকিলোঁ
কি যে তোমাৰ নীৰৱ সাধনা ;
বৈ থাকা তুমি অবিৰত যাত্ৰা...!!
বুঢ়াদিয়া পাৰতে আছে অতীতৰে কালগুৰু আশ্ৰম
ভক্তৰ মিলনভূমি যজ্ঞপূজাৰ দিনা ;
সকলোৱে কৰে পূজা-অৰ্চনা...
নিমিত্ত হে আমাৰ জীৱন ...পথাৰৰ নৰাৰ নিচিনা।।
অহংকাৰ, লোভ, মায়া - মোহ 
এইবোৰ ত্যাগ কৰা...
সকলো উত্তৰ পাবা বুঢ়াদিয়া নৈৰ ঘাটত গৈ
যদি শ্মশানকে প্ৰশ্ন সুধা...?
এয়াই হয় জীৱনৰ চমু পৰিচয় ;
সকলোৰে মৃত্যু অনিবাৰ্য হয়..।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)