চকুৰে দেখা পোৱালৈকে চাৰিওঁফালে
মাথো সুৱৰ্ণ মালা।
বাৰিষাৰ প্ৰথম জাক বৰষুণে পথাৰৰ
বুকুত প্ৰেম সিঁচিছিল,
উদং, মুকলি পথাৰখনে প্ৰেমৰ শিহৰণত
জীপাল হৈ পৰিছিল।
খৰাং হৈ পৰি ৰোৱা পথাৰখনে ন-কৈ
সজীৱ হৈ উঠিছিল।
সপোন যেন লগা বৰষুণৰ
টোপালবোৰক বুকুত সাৱটি ৰাখিছিল
কালক্ৰমত পথাৰ আৰু বৰষুণৰ প্ৰেম
গভীৰ হৈ পৰিল,
বাৰিষাৰ পানীয়ে পথাৰলৈ লৈ আহিল
ফেনে-ফোটোকাৰে বানপানীৰ
ভৰপূৰ টোপোলা,
আৰু পথাৰত পেলাই থৈ গ'ল
পলস সাৰুৱা।
সময়ৰ সোঁতত ঘৰ্মাক্ত কৃষকৰ অমোঘ
শক্তিত পথাৰত অংকুৰিত হ'ল কৃষক
মনৰ শস্য-শ্যামলা কঠিয়া তলি,
আৰু ৰোৱনীৰ লাহি হাতৰ পৰশত
সম্পূৰ্ণতাৰে প্ৰাণ পালে পথাৰৰ
বিশাল বুকু।
শেহান্তৰত শস্য-শ্যামলা পথাৰখন
ৰূপান্তৰিত হ'ল এখন সুন্দৰ হালধীয়া
দাপোনলৈ।
কৃষকৰ সপোনবোৰে পূৰ্ণতা পালে,
পূৰ্ণতা পালে সেই মুকলি উদং
পথাৰখনে।
সোণবৰণীয়া ধাননি ডৰা বুকুত বান্ধি
ভৰপূৰ আজি পথাৰৰ বুকু,
লগতে চহা কৃষকৰ সপোনৰ পঁজা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ