নিৰীহ জনতা - আব্দুল কাদেৰ মিঞা

©Admin
0
নিশাৰ নিস্তব্ধতাত কিমান ফুল ফুলে
সুগন্ধিয়ে ভৰাই তোলে চৌদিশ।
অসংখ্য মানুহে সেই সুগন্ধিৰে মন সন্তুষ্ট কৰি 
ভয়ানকতাৰ মাজতো শান্তিৰ নিকেতন বিচাৰি পায়।
কিছুমানে আকৌ লোভৰ আসক্ত
হৃদয়ত কোমলতা লৈ হিংসাৰ তেজ গৰম কৰে।
নিৰীহ জনতাই আত্মসংযম নাজানে 
সেয়ে সকলো অত্যাচাৰ দুখীয়াৰ ওপৰত চলে ।
আত্মকৰুণাৰে ভৰা এটা জীৱন 
মনৰ কেনভাছত সুখী মুখ এখন আঁকি,
জীৱনৰ সহজ পথটো উশাহ-নিশাহে পাহৰি যায়।
বিলাসীতাৰ মদ্যপান কৰা উত্তাল যুৱকৰ দলে জ্বলাই দিয়ে সুখৰ পঁজা
হতাশাৰ ডাৱৰ সৰি পৰে জীৱনলৈ
তথাপিও সপোন ৰচে।
বাৰ মাহৰ দৈনিক জ্বলনেৰে ভৰা জীৱনটোত মাথোঁ সুখ বিচাৰে , 
দুপৰীয়াৰ শেষত এন্ধাৰৰ কোলাত 
মনৰ পোহৰ শেষ হৈ যায় ,
বিষাদৰ ডাৱৰে আকাশখন আগুৰি ধৰি
বিধ্বংসী ৰূপ ধাৰণ কৰে,
সময় ঘূৰি নাহে জানিও 
প্ৰতিদিনে সুখৰ কবিতা ৰচে।

✍️আব্দুল কাদেৰ মিঞা
দক্ষিণ শালমাৰা মানকাচাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)