আমিও এইখন দেশৰে
আমিও ভালপাওঁ দেশৰ মাটি,
আমিও ভালপাওঁ দেশৰ পানী।
আমাৰো আত্মাৰ কৰুণ বিননি
আমিও বতাহৰ লগত কথা পাতো,
আমিও চৰাইৰ দৰে উৰিব বিচাৰোঁ,
এই প্ৰান্তৰ পৰা সেই প্ৰান্তৰ।
আমিও অক্সিজেন লওঁ এইখন দেশৰে,
সেউজীয়া উপভোগ কৰোঁ এইখন দেশৰে, ধুলিময়-বালিময় প্ৰীতিৰে
স্বাধীনতা উৎযাপন কৰোঁ এইখন দেশৰে,
এইখন আমাৰো দেশ।
এইখন আমাৰো দেশ,
আমিও এইখন দেশৰে ।
✍️জহিৰুল ইছলাম
কোকৰাঝাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ