কাইলৈ ভাল দিন আহিব -ধৰম পানিকা

©Admin
0
কাইলৈ ভাল দিন আহিব 
 হতাশ নহ'বা , চিন্তিত নহ'বা 
কাইলৈ ভাল দিন আহিব 
নিশ্চয় ভাল দিন আহিব 
আন্ধাৰৰ বুকু ভেদি
সূৰ্য্যৰ ৰশ্মিয়ে
পোহৰ কৰি তুলিব আশাৰ বাট
 কিমান পৰ ঢাকি ৰাখিব দুৰ্নীতিৰ ক'লা ডাঁৱৰে 
তোমাৰ জাতীয় চেতনাৰ উজ্জ্বলতাক 
সুবিধাবাদি হঁতে কিমান দিন দবাই ৰাখিব পাৰিব
তোমাৰ বিপ্লৱী কণ্ঠক 
যেনেকৈ ৰোধ কৰিব নোৱাৰে 
নদীৰ ধাৰা কোনোৱে
যেনেকৈ ভেটিব নোৱাৰে কোনোৱে 
সাগৰৰ ঢৌ 
আগ্নেয়গিৰিৰ সুনামিৰ দৰে 
এদিন ঢাকি পেলাব সকলো দুৰ্নীতি , অন্যায়
বাজি উঠিব আকৌ বতাহত 
নেলছন মেণ্ডেলাৰ গান 
আকৌ আশাক মুখৰিত হ'ব
বিষ্ণু প্ৰসাদ ৰাভাৰ বিপ্লৱী গীতেৰে  
দলে দলে মানুহ 
ওলায় আহিব কাৰ্ল মাৰ্ক্সৰ ধ্বনিৰ যাদুৰে 
চে গুৱেভাৰাই আকৌ জী উঠিব 
লাখ লাখ মানুহৰ অন্তৰত 
হতাশ নহ'বা , চিন্তিত নহ'বা 
কাইলৈ ভাল দিন আহিব । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)