তুমি বন্তি শিখা হোৱা
যি শিখাৰ পোহৰেৰে আমি আলোকিত কৰিম
আমাৰ মনবোৰ ।
তুমি কবিতা হোৱা
যাৰ ভাষাৰে, শব্দৰে
গঢ়িম একতাৰ এনাজৰী
যোৰা লগাম ভাঙি
যোৱা মনবোৰ ।
তুমি ত্যাগৰ প্ৰতিমূৰ্তি হোৱা
হিংসা ত্যাগ কৰি আগুৱাই যাম আমি সৱে হাতে হাত ধৰি।
নৱবৰ্ষ তুমি এপাহি
ৰজনীগন্ধা হোৱা
যাৰ সুবাসে আমোলমোল
কৰক মনৰ প্ৰতিটো কোঠালী ।
তুমি এখন উকা কাগজ হোৱা
য'ত লিখিম আমি
কবিতাৰ শিৰোনাম
আঁকিম আমি সাতোৰঙী
ৰামধেনুৰ ভাতৃত্বৰ
এনাজৰীৰে বন্ধা
এখনি নিখুঁত ছবি ।
তোমাক স্বাগতম
তোমাক স্বাগতম
হে নৱবৰ্ষ
তোমাক স্বাগতম ।
◾নিবেদিতা দাস কলিতা
নলবাৰী ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ