মানৱতাৰ এখোজ সন্ধানত-নৱজিৎ নাথ

©Admin
0
 মানৱ সমাজত 
 বৰ্তমান হেৰায় গ'ল,
  আজি  মানৱতা। 
  মানুহৰ মাজৰ সেই 
  অকৃত্ৰিম মৰম আৰু আদৰ।
  চৌদিশে কেৱল ৰক্তই 
   খেলিছে মাথোঁ ফাকু,
   অন্যায়, দুৰ্নীতি , আৰু 
   সমাজ লুণ্ঠনত 
   কঁপি উঠিছে দেশ ।।          
   
 ন্যায় - অন্যায় প্ৰতিবাদত
 আজি মানৱ সমাজখন
   হ'ল ভোকাতুৰ। 
  জ্ঞানী আৰু শিক্ষিত 
  ভদ্ৰ বনিতাৰ মাজতো 
  বৰ্তমান হেৰায় গ'ল 
  আজি মানৱতা ।। 
   
 সকলো যেন মুখা
  পিন্ধা একোজন ভদ্ৰলোক। 
  ন্যায় -অন্যায় সন্ধানত 
  ৰাইজৰ মাজত শব্দৰ প্ৰতিবাদ ।
  সকলো যেন‌  আত্মকেন্দ্ৰীকতাত        
  বিলীন হ'ল মাথোঁ।।           
  
  সমাজৰ হত্যা,হিংসা, 
  লুণ্ঠন,আৰ্তনাদ আৰু 
  বেদনা হ'ল এক হ'ল
  স্বাভাৱিক অবিৰত প্ৰক্ৰিয়া ।
   দুচকু থাকিও 
   বৰ্তমান মানৱ সমাজ 
   হ'ল মাথোঁ নিমাত।।
   
 সকলো নিজ স্বাৰ্থ , 
 নিজ লক্ষ্যত 
 ব্যস্ত মাথোঁ,
 কাৰো নাই আহৰি । 
 সকলো মায়াসনা 
 এক তন্দ্ৰাজালত বিলীন । আৰু 
 আজি সমাজত হেৰায়,
  ‌ গ'ল সেই মানৱতা ।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)