কবিতা জীৱন নহয় -অনন্ত কুমাৰ ভূঞা

©Admin
0
কবিতা জীৱন নহয় 
কবিতা মোৰ জীৱিকা নহয়
কবিতা মোৰ অনুভৱ 
জোনাকী পথৰ জোনাক।

নিঃশব্দ শব্দ উপজিছে
নজনা শব্দ শিকিছোঁ‌ 
অনুভৱী কবিতা লিখিছোঁ‌
কবিতা মোৰ জোনাক জীৱনৰ ।

দুখৰ শব্দবোৰ 
জীৱন বাটত সামৰিছোঁ‌ 
মোৰ দুষ্ট কবিতাক
হৃদয়ৰ ক্ষীণ পোহৰত 
মনৰ পজাত উমনি দি ৰাখিছোঁ‌।

নিৰলে শুৱাইছোঁ‌
আশা ভৰা মনেৰে যাচিছোঁ‌ মৰম 
সাৰ পাই উচুপিলে
কোলাত লৈ নিচুকাম  
মোৰ দুষ্ট কবিতাক।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)