সেইয়া লাগিলে ক্ষন্তেকীয়া হওঁক বা চিৰকলীয়া। অতীত আজুৰি চিঙি ভাঙি ক’ৰবাত কৰ্ফাল খাই পৰাজনেও স্বীকাৰ কৰে আৱহমান কালৰ পৰা প্ৰচলিত এই নতুন বছৰৰ জাকজমকতা। ক’ৰবাত শুনিবলৈ পাইছিলোঁ নতুন বছৰ একোটা খালি কাগজ এখনৰ দৰে , তাত কিমান ধুনীয়া কাহিনী লিখিব পৰা যায় লিখোতাজনৰ ওপৰত নিৰ্ভৰ কৰে। আশা পূৰণৰ বিভিন্নতা বিৰাজমান যদিও কেতিয়াবা মনৰ আশা মনত ৰৈ যায়। সময়ে তাতোতকৈ নতুন সুযোগ দিব পাৰে, তেনেকৈয়ে আগুৱাব লাগে।
নতুন বছৰ বুলি আমি যেনেকৈ এখোজ আগলৈ গ’লো, ঠিক তেনেকৈ আমি কিছুমান বিশেষ পণ ল’ব নোৱাৰোঁ জানো !
আহক আমি পণ লওঁ ব্যস্ততাৰ পৃথিৱীখনত নিজৰ বাবে ক্ষন্তেক সময় উলিয়াম। আনৰ বাবে কৰিম কিন্তু নিজৰ খিনি ঠিকেই ৰাখিম। কাম কৰি যাম , ফলৰ আশা নকৰোঁ । সহায় বা উপকাৰ কৰি যাম , প্ৰতিদান পোৱাৰ মনোভাৱ বৰ্জন কৰিম । সফল হোৱাৰ বাবে চেষ্টা কৰাৰ লগতে ধৈৰ্য ধৰি সাহসেৰে মোকাবিলা কৰিম পৰাজয়ৰ লগত । অৱশেষত এই সকলোৰে উৰ্দ্ধত আমি এটি মিঠা হাঁহি মুখত জিলিকাই ৰাখিম। অস্ত বেলিয়েও যাবৰ পৰত পুনৰ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি ৰাখে। আমি আমাৰ সফলতাৰ প্ৰতিশ্ৰুতি নিজৰ মাজতে ৰাখিব নোৱাৰোনে ? ভাবিব নোৱাৰোঁ নেকি যিয়েই নহওঁক আমি হাঁহি হাঁহি জীয়াই থাকিম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ