১) ১৯২৯ চনৰ আজিৰ দিনটোতে তুৰস্কত প্ৰথম বাৰৰ বাবে মহিলাই ভোটাধিকাৰ লাভ কৰে।
২) ১৯১৭ চনৰ আজিৰ দিনটোতে ফিনলেণ্ড-এ ৰাছিয়ান সাম্ৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে।
৩) ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় এথলেটিকছ খেলুৱৈ, অভিনেতা আৰু “সীমান্ত সুৰক্ষা বল”ৰ সৈনিক প্ৰবীণ কুমাৰ সোবটিয়ে জন্ম গ্ৰহণ কৰিছিল।
৪) ১৮৯৬ চনৰ আজিৰ দিনটোতে অসমৰ সমাজসেৱক, সমাজ সংস্কাৰক, ধৰ্মগুৰু, আৰু স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু কৃষ্ণানন্দ ব্ৰহ্মচাৰীয়ে জন্ম গ্ৰহণ কৰিছিল।
৫) ২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ জগতৰ ক’লা-বগা যুগৰ অভিনেত্ৰী বীণা ৰায়ৰ মৃত্যু হয়।
৬) ১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় সংবিধান প্ৰণেতা ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু হয়।
৭) আজিৰ দিনটোত ফিনলেণ্ডত স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়।
৮) আজিৰ দিনটোক স্পেইনৰ সংবিধান দিৱস হিচাপে পালন কৰে।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ