প্ৰেমৰ বিশেষ দিন -লহৰজ্যোতি মৰাণ

©Admin
0
আকাশ নীলা সাগৰ নীলা 
ভালপোৱা মোৰ সঁচা গভীৰতা
তুমি আকাশী তৰা , 
তুমি তিৰবিৰাই জিলিকিবা 
মই পোহৰ বিলাম। 
তাতে সাজিম এটি প্ৰেমৰ ঘৰ ! 
ভাল লাগে মোৰ, 
তোমাৰ কথা ভাবি 
তুমি চাগে মোৰ কথা 
মনত পেলাবৰ নোপোৱা আহৰি ! 
তথাপিও হেঁপাহৰ সপোনবোৰ ৰচিছো
তোমাৰ নামত! 
উপহাৰ দিয়াৰ কথা আছে ;
প্ৰেমৰ এই বিশেষ দিনত ! 
তোমাৰ হৰিণী চকুযুৰি
ভাল লাগে ওঁঠৰ পাৰি। 
তোমাৰ চুলিকোচা 
সোণৰ চেঁকুৰাৰ গোন্ধ
কেঁচা কেঁচা পানী। 
বুকুৰ মাজত হিয়া 
উজাৰি দিম;
কেঁচা কোমল অন্তৰ ভৰি ! 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)