নাৰী - নিবেদিতা ডিম্পল

©Admin
0
এটি সুন্দৰ শব্দ নাৰী
য'ত নিহিত হৈ থাকে
এবুকু মৰম - ভালপোৱাৰ নদী  
এগৰাকী নাৰী
কাহানিও নপৰে ভাগৰি
হেজাৰ ধুমুহা - ঢেৰেকণী
আহিলেও তেওঁৰ মূৰৰ ওপৰেদি
নাযায় তেওঁ কেতিয়াও হাৰি
সদায়েই তেওঁ থাকে হৈ চঞ্চলা নদী
তেওঁৰ গৰ্ভতেই হয় সৃষ্টি
বিশ্বৰ নৱ নৱ মানৱী
শস্য-শ্যমলা কৰি
পোহৰাই তোলে ধৰণী ।

✍️নিবেদিতা ডিম্পল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)