বিষাদৰ বাঁহীৰ সুৰ - হৃদয় বৈশ্য

©Admin
0
হেৰʼ দুখৰ বাঁহী
তই কিমান বজাবি 
দুখৰ সুৰ ?
তোৰ সুৰৰ তালে তালে
নাচিছে মোৰ দূচকুৰ
অশ্ৰু ।
আজি অশ্ৰুৰে সিক্ত মোৰ দুগাল ।
তোৰ পৰা 
শুনিবলৈ পাম নে 
সুখৰ সুৰ ।
এই সুৰৰ তালত 
নাচিব মোৰ সপোন
তই জানো 
অনুমান কৰিছ 
মোৰ হৃদয়ত জ্বলি 
থকা বিষাদৰ জুইকুৰা ?
ভাবিছো তোৰ সুৰত সুখ পালে 
জ্বলাজুইকুৰা চাই হ'ব ।
আৰু ই কাহানিও নজ্বলিব ।
তোৰ সুৰৰ তালে তালে
নাচিম মই।
কেৱল সুৰ হোৱা সুখৰ।

✍🏻হৃদয় বৈশ্য
    বাইহাটা চাৰিআলি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)