ডাঙৰ মানুহ, সৰু মানুহ -শ্ৰী জিত সোনোৱাল

©Admin
0
ডাঙৰ মানুহ আৰু সৰু মানুহ সম্পৰ্কে আপোনাৰ মনৰ ধাৰণা কেনেকুৱা বাৰু ? অৰ্থাৎ, আপোনাৰ মতে ডাঙৰ মানুহ কাক বোলে আৰু সৰু মানুহ কাক বোলে ? প্ৰশ্নটো পঢ়ি আপুনি চাগে ভাবিছে এইটো প্ৰশ্নৰ উত্তৰ তেনেই উজু। কাৰণ ডাঙৰ মানুহ আৰু সৰু মানুহ বিষয়ক ধাৰণাটো আপোনাৰ মোৰ মা দেউতাই  মন মগজুত শৈশৱ কালতে ৰোপন কৰি থৈছে। তথাপি আজি মই পুনৰবাৰ ডাঙৰ মানুহ আৰু সৰু মানুহৰ ধাৰণাটো নিজস্ব ধ্যান ধাৰণাৰে জুকীয়াই চাব বিচাৰিছোঁ। আহকচোন আজি ডাঙৰ মানুহ আৰু সৰু মানুহ বিষয়ে কিছু কথা মুকলিকৈ পাতো।
             উচ্চ শিক্ষিত , চৰকাৰী উচ্চ পদবী ধাৰী নাইবা জ্ঞান বুদ্ধিত আগবঢ়া , ধন টকা পইচাৰ অভাৱ নথকা মানুহবোৰক ডাঙৰ মানুহ বোলে। এইয়া আমাৰ সমাজত প্ৰচলিত ডাঙৰ মানুহ সম্পৰ্কীয় তথাকথিত সংজ্ঞা। আমাক সৰুৰে পৰা মা দেউতা নাইবা বিদ্যালয়ত ছাৰ বাইদেউ সকলে ডাঙৰ মানুহ হ'বলৈ অনুপ্ৰাণিত কৰি এই সংজ্ঞাটোৰ সৈতে চিনাকি কৰি দিছিল। অৰ্থাৎ ডাঙৰ মানুহ হ'বলৈ হ'লে আমি প্ৰথমে উচ্চ শিক্ষিত হ'ব লাগিব , দ্বিতীয়তে চৰকাৰী উচ্চ পদবীধাৰী হ'ব লাগিব, তৃতীয়তে জ্ঞান বুদ্ধিত আগবঢ়া হ'ব লাগিব আৰু শেষত ধনী মানি হ'ব লাগিব। এইকেইটা গুণ থাকিলে যিকোনো এজন ব্যক্তি ডাঙৰ মানুহ হ'ব পাৰে নে ? মই ভাবো নোৱাৰে। কথাটো শুনি চাগে আপোনাৰ চকু কপালত উঠিছে আৰু মোৰ প্ৰতি আপোনাৰ তীব্ৰ বিৰাগ ভাবৰ জন্ম হৈছে। তেনে হোৱাটো স্বাভাৱিক। কাৰণ ডাঙৰ মানুহ সম্পৰ্কে আপুনি বহু সময়ত বহুজনৰ মুখত এইবোৰ তথাকথিত সংজ্ঞা প্ৰায় শুনি আহিছে।  আজি মই সোঁতৰ বিপৰীতে গৈ এই লেখাৰ জৰিয়তে ডাঙৰ মানুহৰ তথাকথিত সংজ্ঞাক প্ৰত্যাহ্বান জনোৱাৰ মৰসাহ কৰিছোঁ। আহঁক প্ৰথমে ডাঙৰ মানুহৰ সংজ্ঞাত সন্নিবিষ্ট প্ৰতিটো শব্দৰ পৃথক পৃথককৈ আলোচনা কৰো।
          প্ৰথম কথা উচ্চ ডিগ্ৰী ধাৰী হ'লেই এজন লোক ভাল মানুহ নহ'বও পাৰে। শিক্ষাই মানুহৰ চিন্তা চেতনাৰ বিকাশ সাধন কৰে ,এই কথাত কোনো সন্দেহ নাই। কিন্তু  শিক্ষাই এজন ব্যক্তিক প্ৰকৃত ভাল মানুহ হ'বলৈ অনুপ্ৰাণিত নকৰিবও পাৰে। কথাটো বুজিবলৈ আমি এটা সৰু উদাহৰণ ল'ব পাৰো। বিভিন্ন দলৰ  ৰাজনৈতিক নেতাবোৰৰ অধিকাংশই উচ্চ শিক্ষিত , কিন্তু তেওঁলোকৰ বেছিভাগেই সাধাৰণ জনতাক অন্ধকাৰত ৰাখি ৰাইজৰ ধন লুটি পুতি খাই। এতিয়া আপুনি ভাবক উচ্চ শিক্ষিত এনেবোৰ নেতাক আপুনি ডাঙৰ মানুহৰ শাৰীত ৰাখিব নে ? 
           দ্বিতীয়তে ,চৰকাৰী উচ্চ পদবীত নিয়োজিত লোক সকলকো সাধাৰণতে সমাজত ডাঙৰ মানুহ বুলি কোৱা হয়। কিন্তু আপুনি যদি সূক্ষ্ম ভাবে অধ্যয়ন কৰে তেতিয়া দেখিব প্ৰকৃতাৰ্থত এওঁলোকৰো সকলোৱে ডাঙৰ মানুহৰ শাৰীত উপবিষ্ঠ নহ'বও পাৰে। কাৰণ এওঁলোকৰ অধিকাংশই বিভিন্ন জালিয়টি কৰি বহু সময়ত চৰকাৰী ধন আত্মসাত কৰি জেল হাজতলৈও যাবলগীয়া হয়। 
         বুদ্ধি আৰু জ্ঞানেও এজন মানুহক ডাঙৰ মানুহ কৰিব নোৱাৰিব পাৰে। কাৰণ এজন মানুহে জ্ঞান বুদ্ধিৰে আগুৱাই গৈ এটা ভাল চৰকাৰী চাকৰি কৰি যথেষ্ট ধনবান ব্যক্তিলৈ পর্যবেক্ষিত হ'ব পাৰে । এনে জ্ঞান আৰু বুদ্ধিয়ে মানুহজনক কেৱল ব্যক্তিগত উন্নতি সাধনতহে সহায় কৰিলে ,সমাজৰ বৰ বিশেষ উপকাৰ সাধন নহ'ল। কাৰণ নিজৰ উৎকৰ্ষ সাধনৰ হেতু ব্যৱহাৰ কৰা চিন্তা চেতনাই জ্ঞান আৰু সেই জ্ঞান দহৰ কল্যাণৰ হেতু ব্যৱহাৰ হ'লেহে প্ৰজ্ঞালৈ ৰূপান্তৰিত হয়। নিজৰ কল্যান সাধন কৰাজন জ্ঞানী আৰু দহৰ কল্যান সাধন কৰা জন প্ৰজ্ঞাৰ সাধক। জ্ঞান বিলাই দি প্ৰজ্ঞাৰ সাধক হ'ব পৰাজনহে ডাঙৰ মানুহ বুলি স্বীকৃত হ'ব পাৰে।
           এইখিনিতে প্ৰশ্ন হয় , সঁচা অৰ্থত ডাঙৰ মানুহ কোনজন ? এই প্ৰশ্নটোৰ উত্তৰ হয়তো বিভিন্ন জনে বিভিন্ন ধৰণে দিব । মোৰ বোধেৰে প্ৰকৃত ডাঙৰ মানুহ সেইজন যাৰ চিন্তা চেতনাৰ পৰিধিয়ে স্পৰ্শ কৰে সঁচা মানৱ প্ৰেম, যাৰ মনৰ বিশালতা আকাশৰ সমান , যাৰ সততাৰ গভীৰতা সাগৰৰ সমান। আপুনি মই সততে লগ পাই থকা ৰিক্সা ঠেলা চলাই জীৱন কটোৱা মানুহজনও ডাঙৰ মানুহ হ'ব পাৰে যদিহে তেওঁৰ জীৱন পৰিক্ৰমাত ওপৰত উল্লেখিত গুণবোৰ বিৰাজমান হয়। আমি ডাঙৰ মানুহ হ'বলৈ আমাৰ মন মগজুত সৰুৰে পৰা মানৱীয় গুণৰ কচৰৎ কৰিব লাগে। ডাঙৰ মানুহ ধনেৰে মনেৰে হে হয়। আহঁক আমি আমাৰ উঠি অহা প্ৰজন্মক ডাঙৰ মানুহ হ'বলৈ সৰুৰে পৰা অনুপ্ৰাণিত কৰো।



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)