আমাৰ গাঁৱত বান্দৰৰ উপদ্ৰৱ - দেৱজিত বৰুৱা

©Admin
0
ইতিহাসে গৰকা গড়কাষৰীয়া গাওঁ। লোকজীৱনৰ ছপোণ-ছবুৰি সাংস্কৃতিক সমলেৰে বৈভৱময় যথাৰ্থতে এখনি চালে চকুৰোৱা গাঁও। জীৱনৰ সুষমাৰে মহিমামণ্ডিত এখনি ৰঙে-ৰসে ভোগালী গাওঁ। প্ৰকৃতিৰ ৰম্যভূমি। কবি ডিম্বেশ্বৰ নেওগৰ জন্মভূমি কমাৰফদীয়াৰ সেই অমৃত বাণীৰ দৰেই গড়কাষৰীয়াও ইয়াৰ গঞাৰ বাবে 'ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণʼস্বৰূপ। শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১২-১৪ কি:মি: দূৰৈত নগৰৰ একেবাৰে দক্ষিণ সীমাত অৱস্থিত এই গাঁৱৰ সীমনাইদি নিৰৱধি নামদাং নদী বৈ গৈছে। ১০৮নং শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গাওঁখনৰ পূবে দোলাকাষৰীয়া আৰু ৰজাবাৰী গাওঁ, পশ্চিম দিশত গোহাঁই গাওঁ আৰু আইলামুখ, উত্তৰে জেৰেঙা পথাৰ আৰু আহোম স্বৰ্গদেউসকলৰ অক্ষয় কীৰ্তি ন-পুখুৰী, পুৰণি পুখুৰী আৰু পুখুৰীৰ পাৰৰ বিতোপন দৌলকেইটি।

গাঁৱৰ শতকৰা ৯৫ ঘৰ মানুহৰে জীৱিকা হʼল কৃষি। খেতিৰ পথাৰ হʼল জেৰেঙা আৰু গড়কাষৰীয়া পথাৰ। পথাৰৰ মাটি পলসুৱা। অতীজৰে পৰা গাওঁ তথা অঞ্চলৰ অৰ্থনীতি জুৰুলা কৰি বান্দৰে কৃষিভূমি ধ্বংস কৰিছে। বান্দৰৰ উপদ্ৰৱত গাঁৱৰ মানুহৰ বাৰীত আলু-কচু একো নথকা হৈছে। এই অঞ্চলৰ কিছু কিছু ঠাইত ইয়াৰ উপদ্ৰৱ কম বা গুৰুত্বপূৰ্ণ নহ'লেও আমাৰ গাঁৱত উপদ্ৰৱৰ ফলত মানুহ জুৰুলা হ'ব ধৰিছে। ৰাইজে একো কৰি খাব নোৱৰা হৈছে। বান্দৰৰ উপদ্ৰৱত ইয়াৰ ৰাইজে ত্ৰাহিমদুশোধন দেখিছে। যদিও গাঁৱৰ প্ৰায় সকলো ঘৰৰে যথেষ্ট কৃষি ভূমি থকাৰ উপৰিও নিজৰ নিজৰ ঘৰৰ ভেঁটি মাটি খিনিৰ লগত সংলগ্ন বাৰীসমূহ বিশাল, তথাপিও ৰাইজে তাত একো খেতি বাতি কৰিব নোৱাৰা হৈছে। বান্দৰৰ হাজাৰ হাজাৰ জাক আহি ফচলবোৰ খোৱাৰ উপৰিও মূল্যৱান গছৰ পুলি পৰ্যন্ত ধ্বংস কৰি সকলোবোৰ তহিলং কৰি থৈ যায়। এসময়ত একমাত্ৰ নিমখ, কেৰাচিন জাতীয় নিত্যপ্ৰয়োজনীয় কেইবিধমান খাদ্যসামগ্ৰী বাহিৰৰ পৰা কিনা ৰাইজে এতিয়া সকলো শাক-পাচলিয়েই বজাৰৰ পৰা কিনিব লগা হৈছে। গাঁৱৰ কেৱল খেতি-বাতিয়েই নহয় ঘৰৰ ভিতৰত সোমাই গৃহস্থৰ পাকঘৰৰ আহাৰ পৰ্যন্ত খাই পেলায়। ইয়াৰ উপদ্ৰৱৰ পৰিমাণ যথেষ্ট গুৰুত্ব পৰ্যায় পাইছে। ফলত বান্দৰ খেদাৰ বাবে ৰাইজে নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰিছে। বান্দৰৰ উপদ্ৰৱৰ বাবেই আগতে প্ৰচুৰ পৰিমাণে হোৱা কুঁহিয়াৰ, ধান , বিভিন্ন শাক-পাচলি আদি খেতিৰ সংখ্যা কমাই দিব লগা হৈছে। ফলত ইয়াৰ পৰিত্ৰাণৰ উপায় অতি প্ৰয়োজনীয় হৈ পৰিছে।

এই বান্দৰৰ উপদ্ৰৱত আমাৰ গাঁৱৰ লগতে অসমৰ আন আন ঠাইৰ ৰাইজো অতি অতিষ্ঠ হৈছে। বহুঠাইত কেতিয়াবা বান্দৰে মানুহক বেয়াকৈ আক্ৰমণ কৰা বাতৰিও প্ৰচাৰ হোৱা দেখা গৈছে। বান্দৰৰ উপদ্ৰৱ যিদৰে বৃদ্ধি পায় গৈ আছে, এনেদৰে থাকিলে বৃহৎ আৰ্থিক অনাটনৰ সন্মুখীন হ'ব অসমৰ কিছু গঞাৰাইজৰ মাজত। বান্দৰৰ উপদ্ৰৱ নিৰ্মূল কৰাৰ বাবে সময় সমাগত। প্ৰকৃতিপ্ৰেমী, ভুক্তভোগী, চৰকাৰ , জনসাধাৰণ ,বন বিভাগ আদি একগোট হৈ এক প্ৰচেষ্টা হাতত লʼলে নিশ্চিতভাৱে ইয়াৰ সমাধান ওলাব। আজিৰ যুগত বিজ্ঞান প্ৰযুক্তিবিদ্যা ইমান আগবঢ়িছে, এই সমস্যানো কিয় সমাধান কৰিব নোৱাৰিব? এইক্ষেত্ৰত মই আশাবাদী নিশ্চয় এদিন ইয়াৰ উচিত সমাধান ওলাব।

সময় বাগৰে। বোৱঁতী নদীয়েও সুঁতি সলায়। শিলৰ বুকুতো কুঁহি মেলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাষাত "ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে, এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ।ʼʼ বিজ্ঞানৰ নতুন আৱিষ্কাৰে আৰু উন্নত প্ৰযুক্তিবিদ্যা প্ৰয়োগে পৃথিৱীখনক এখন গাঁৱলৈ পৰ্যবসিত কৰিছে। পৰিৱৰ্তনৰ এই বতাহে অসমৰ গাঁও সমূহকো চুই গৈছে। বিজ্ঞানৰ এক নতুন পদ্ধতি উলিয়াই এই বান্দৰৰ উপদ্ৰৱ সমস্যা দূৰ কৰি, পৰিৱৰ্তনৰ ঢৌৱে লৈ অনা নতুন কিছু গ্ৰহণ কৰি ঋতুৱে ঋতুৱে ৰূপ সলাই নতুন মনৰ নতুন মানুহ সৃষ্টি কৰি অসমৰ আন গাঁৱৰ লগতে গড়কাষৰীয়াবাসী ৰাইজো আগলৈ বাট বুলক, শস্য শ্যামলা হৈ উদ্ভাসিত হওঁক এই গাওঁ এই মাটিৰ উৰ্বৰা বক্ষ।

✍️দেৱজিত বৰুৱা
দ্বাদশ শ্ৰেণী
শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)