বৰ্তমান আমাৰ সমাজৰ আটাইতকৈ ভয়ংকৰ সমস্যাটোৱেই হৈছে শিশু- কিশোৰ সকলৰ নিচা জাতীয় দ্ৰব্য আৰু মবাইল ফোনৰ প্ৰতি থকা দুৰ্বাৰ আসক্তি ৷ এই আসক্তিৰ কৰাল গ্ৰাসত পৰি জাকে জাকে কিশোৰ-কিশোৰী বিপথগামী হোৱাৰ লগতে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অশেষ ক্ষয়ক্ষতি হৈছে৷ ক্ষতি হৈছে সামাজিক আৰু শৈক্ষিক বাতাবৰণৰ ৷ দেশ আৰু সমাজৰ ভবিষ্যত স্বৰূপ উঠি অহা প্ৰজন্মৰ এনে অধোগতি দেখি সচেতন সমাজ উদ্বিগ্ন হৈ পৰিছে৷ নিজৰ জীৱন গঢ়াৰ সম্ভাবনাৰে উৰ্বৰ সোণোৱালী ল’ৰালি কাল বৰনৈৰ গঢ়া খহাদি চপৰা চপৰে খহি যোৱা চকুৰ আগতে প্ৰত্যক্ষ কৰি সচেতন পিতৃ-মাতৃ, অভিভাৱক, বিজ্ঞ সমাজ জাতিৰ ভবিষ্যতক লৈ ভীতিগ্ৰস্ত হৈ পৰিছে ৷ আছলতে, ভালদৰে পৰ্যবেক্ষণ কৰিলে দেখা যায় যে শিশু- কিশোৰৰ ক্ৰমবৰ্ধমান নিচাসক্তি আৰু মবাইল আসক্তি বা সামগ্ৰিক ভাবে কৈশোৰৰ অপৰাধ প্ৰবনতা-- ই নিজে সমস্যা নহয় , ইয়াক আন কিছুমান কাৰক বা সমস্যাৰ ফলাফল বুলি ক’লেহে সঠিক হ’ব ৷ সমসাময়িক ভোগ সৰ্বস্ব জীৱন দৰ্শন আৰু প্ৰদৰ্শনমুখী জীৱন প্ৰণালীয়ে আনি দিয়া পৰিবৰ্তিত পাৰিবাৰিক আৰু সামাজিক
ন-পৰম্পৰাৰ ফলশ্ৰুতিত আজিৰ সমাজলৈ যি যি প্ৰত্যাহ্বান আহিছে, তাৰ মাজৰেহে এটা হ’ল- শিশু-কিশোৰ সকলৰ মদ-ড্ৰাগছ-মবাইলফোনৰ প্ৰতি বৃদ্ধি হোৱা তীব্ৰ আসক্তিৰ সমস্যাতো ৷
চমুকৈ, “কৈশোৰৰ অপৰাধ প্ৰবনতাৰ কাৰণ হ’ল কৈশোৰকালীন প্ৰয়োজন (needs), আকাংক্ষা (aspirations) আৰু বাসনা(Desire) সমূহৰ চৰিতাৰ্থৰ ক্ষেত্ৰত কিশোৰ কিশোৰী সকলে সন্মুখিন হোৱা আৰ্থ-সামাজ-সাংস্কৃতিক সুযোগ সুবিধা আৰু অনুমতিৰ সীমাবদ্ধতা, আৰু প্ৰচলিত অ-মনোবিজ্ঞান সন্মত দৃষ্টিভংগীৰ হেঁচা ৷ ” ইয়াৰ উপৰিও পাৰিবাৰিক সংঘাট, সামাজিক অনিশ্চয়তা, ৰাজনৈতিক অস্থিৰতা, মদ-ড্ৰাগছ-জুৱাৰ অবাধ বেহাই কিশোৰ কিশোৰী সকলক বিপথে যাবলৈ লালায়িত কৰে৷ ফলশ্ৰুতিত তেওঁলোকৰ সমাযোজন সম্পৰ্কীয় অলেখ সমস্যাৰ উদ্ভৱ হয় ৷ কেৰোণীয়া ধ্যানধাৰণা, দৰ্শনেৰে পৰিচালিত আজিৰ আমাৰ সমাজখনক কিছু পোন পাজৰ কৰিব পাৰিলে কৈশোৰকালিন সমস্যাবোৰ বহু শতাংশ নিৰ্বাপন কৰিব পৰা হ’ব ৷ ৰাজ্যখনৰ শিক্ষা আৰু প্ৰশাসন ব্যবস্থাইও ল’ব লাগিব গুৰু দায়িত্ব কিন্তু এয়া এক বৃহৎ প্ৰত্যাহ্বান ৷ আমি সততে নীতি ,নৈতিকতা ,সংস্কাৰ, সীমাবদ্ধতা সকলো আওকাণ কৰি যুগৰ বতাহ চাটিত চকুকাণ মুদি নিজক উটুৱাই দিয়াৰ ফলশ্ৰুতিতে যতমানে অথন্তৰবোৰ আহি পৰিছে ৷ ভৰিৰ খোপনি হেৰাইছে , ঘাইশিপাৰ লগত ডাল পাতৰ সম্পৰ্ক-সংযোগ বিচ্ছিন্ন হৈ পৰাৰ উপক্ৰম হৈ পৰিছে ৷ এয়া আজিৰ অসমীয়া সমাজখনৰ বাবে দাৰুণ বিৰম্বনা !
আমাৰ চকুৰ সন্মুখতেই, এই নতুন শতিকাৰ প্ৰথম দুটা দশকতে অসমীয়া গ্ৰাম্য সমাজখনলৈ অদ্ভুতপুৰ্ণ পৰিবৰ্তন অহা নাই নে বাৰু? নৈ, ঘাট বোকা-পানীৰে বিচ্ছিন্ন প্ৰত্যন্ত অঞ্চল পৰ্যন্ত ৰাস্তা ঘাটবোৰ পকীকৰণ হোৱাৰ সমানে সমানে বৈদ্যুতিকৰণ, টেলিফোন, টিভি, ইন্টাৰনেট আৰু শেহতীয়াকৈ 4GB মবাইলফোনৰ ব্যবহাৰৰ ৰূপত তথ্য-প্ৰযুক্তি ৰ দ্ৰুত সম্প্ৰসাৰণে তথাকথিত নগৰীয়া সমাজ আৰু আজিৰ গাঁৱলীয়া সমাজৰ পাৰ্থক্য বাহ্যিক দৃষ্টিত নথকাৰ দৰে হৈ পৰা নাই নে? আগেয়ে নিত্য ব্যবহাৰ্য সামগ্ৰী সমূহ ক্ৰয় কৰিবৰ বাবে বা চিকিৎসাজনীত কাৰণত গাঁৱৰ মানুহবোৰ বিশ পচিশ কিলোমিটাৰ দূৰৰ নগৰ চহৰলৈ খোজ কাঢ়ি, চাইকেললৈ বা গৰুগাড়ীত উঠি যাত্ৰা কৰিব লগা হোৱা নাছিল নে? গাঁৱৰ কিমানজনেনো চহৰ দেখিছিল, বাছগাড়ী দেখিছিল, অট্টালিকা দেখিছিল, চ্যুট-টাই পিন্ধিছিল, চিনেমা চাবলৈ সুবিধা পাইছিল? আৰু আজি? মাত্ৰ বিশটা বছৰতে আমাৰ ৰাজ্য খনত এনে এটা অঞ্চল নাই য’ত ইন্টাৰনেটৰ ব্যবহাৰকাৰী নাই , এনে এখন ঘৰ নাই যাৰ এনড্ৰইদ ফোন নাই, ডিচ টি ভি নাই! এনে আকস্মিক আৰু দ্ৰুত বস্তুগত (materialistic) পৰিবৰ্তনে গ্ৰাম্য মানুহক যিদৰে অলংকাৰ সৰ্বস্ব কৰি তুলিলে তাৰ সমানে সমানে যিদৰে প্ৰকৃত-শিক্ষা সংস্কৃতি মূল্যবোধ সম্ভূত আদৰ্শগত (idealistic) পৰিবৰ্তনৰ জোৱাৰ আহিব লাগিছিল, তেনেকৈ নাহিল ৷ আধুনিক প্ৰযুক্তি বিজ্ঞানৰ সৃষ্ট বিভিন্ন যন্ত্ৰপাতি, সৰঞ্জামবোৰ যিদৰে সৰ্বস্তৰৰ মানুহৰ দৈনন্দিন জীৱনৰ লগত এৰাব নোৱাৰাকৈ সংপৃক্ত হৈ পৰিল তেনেকৈ আধুনিক, যুক্তিবাদী ধ্যানধাৰণাৰ কথাকাণ্ডবোৰ আহি সময়মতে পদূলিমুখ নাপালেহি ৷ ফলশ্ৰুতিত বস্তুগত সংস্কৃতিৰ পৰিবৰ্তন আৰু আদৰ্শগত সংস্কৃতিৰ পৰিবৰ্তনৰ মাজত বিৰাট ফাক (gaps between materialistic culture and idealistic culture) থাকি গ’ল ৷ এক ভাৰসাম্যহীন অবস্থাৰ সূচনাহৈ হিতে বিপৰীতহে হ’ল অধিক সময়ত ৷ পূৰ্বৰ পৰাই ক্ৰমবিকশিত নগৰীয়া সমাজখনত সেই ফাক বা গেপ কিছু কম হোৱাটো স্বাভাৱিক ৷ গ্ৰাম্য সমাজখনে এই বিৰাট গেপটোক আওকাণ কৰি তালমিল ৰক্ষা কৰি চলি যোৱাত বিস্তৰ সমস্যাৰ সন্মুখিন হৈ পৰিল ৷
উল্লিখিত এই বস্তুগত আৰু আদৰ্শগত বিৰাট গেপটোত আমি দেখিবলৈ পাওঁ.. তাহানিৰ খেৰ- বাঁহ-বেটৰ ঘৰদুৱাৰৰ ঠাইত প্ৰত্যন্ত গাঁৱতো আৰ চি চি বিল্ডিং, বিলাসী গাড়ী, দামী সাঁজ-পাৰ, হাতে হাতে এনড্ৰইদ মবাইলফোন, চৌহদৰ পকী দেৱাল কিন্তু দেখা নাপাওঁ মানুহবোৰৰ শিষ্টাচাৰ পূৰ্বক ব্যবহাৰ, বিজ্ঞান মনস্কতা, বস্তুনিষ্ঠ বিচাৰ-বিবেচনা ,ধ্যানধাৰণা বা চিন্তা চেতনাগত উৎকৰ্ষতাৰ কোনো চিন ৷ মৰম-স্নেহ-ভাৱ-ভক্তিগত যি চিৰন্তন গ্ৰাম্য সমাজৰ ঐশ্বৰ্য সেয়াও খেৰ-বাঁহ-বেটৰ ঘৰদুৱাৰ দলিয়াই দিয়াৰ দৰেই যেন মানুহবোৰে দলিয়াই থৈ আহিল ! প্ৰতিবেশীৰ লগত সম্পৰ্ক, ৰাজহুৱা অনুষ্ঠান বা বিষয়ৰ লগত সম্পৰ্ক, নাট ভাওনা, সংগীত, খেলধেমালি, সেৱা সকাম, কৃষিকৰ্ম, শাৰীৰিক শ্ৰম সকলো ইতিবাচক কথাক আওকাণ কৰি নতুন শতিকাই হাতত তুলি দিয়া বস্তুগত সংস্কৃতিত মছগুল হৈ গাঁৱৰ মানুহবোৰ চিন্নমুল চিলাৰ দৰে যুগৰ বতাহ চাটিত গা ওপঙাই ফিতাহি মাৰি থাকিবলৈ আৰম্ভ কৰিলে ৷ তথ্যপ্ৰযুক্তিৰ দ্ৰুত উন্নয়নে প্ৰচলিত নৈতিক আৰু আধ্যাত্মিক, নান্দনিক বা সৌন্দৰ্যতাত্বিক মূল্যবোধৰ বিৰাট পৰিবৰ্তন সমাজলৈ আনিলে ৷ তিব্ৰ প্ৰদৰ্শনমুখীতা, ফোপোলা ভেম, আত্মজহ, ক্ষমতা বা ধনগৌৰৱৰ পৰা উৎপাদিত উদ্ধতালিৰ চৰম অস্বস্তিকৰ এক পৰিবেশে সমগ্ৰ সমাজখনকে গ্ৰাস কৰিছে ৷ সীমিত কেইজনমানৰ বাদে যেন এই দুষ্কৃতিবোৰেই যুগৰ সংস্কৃতি, সন্মান আৰু সৌৰ্য- বীৰ্য্য ৷ এনে এক বিশ্বাসৰ পৰম্পৰা থাওকতে প্ৰতিষ্ঠিত হৈ পৰিল যেন- এইখিনি কৰিব পৰাটোৱেই জীৱনৰ শ্ৰেষ্ঠতম অৰ্হতা ৷ এনে বিশ্বাস আৰু ৰূচিবোধৰ দ্ৰুত প্ৰসাৰণ হোৱাত গ্ৰাম্য সমাজৰ নতুন প্ৰজন্ম বৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ পৰিল ৷ সিহঁতৰ বিকৃত ৰূচিবোধ, সংস্কাৰহীনতা, মূল্যবোধৰ অবক্ষয় সিহঁতৰ প্ৰতিটো আচাৰ আচৰণতে জলজলপটপটকৈ আজি আমি দেখা পোৱা হ’লোঁ ৷ অৰ্থাৎ যুগৰ কু- প্ৰভাৱ আৰু অভিভাৱক, পিতৃ-মাতৃৰ অ-স্বাস্থ্যকৰ প্ৰতিযোগিতা আৰু দায়িত্বজ্ঞানহীন কৰ্ম কাণ্ডৰ তেওঁলোক আক্ৰান্ত (convicted) হৈ পৰিল ৷
মানৱ বিকাশৰ সৰ্বাধিক সম্ভাৱনাপুৰ্ণ কাল কৈশোৰক কলংকিত কৰি মদ ভাং ড্ৰাগছ চাদা চুৰট পান কৰি অশ্লীল কথাবাৰ্তা, কিৰিলি, উদণ্ড চালচলনেৰে সৰ্বত্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰি থকা ১১/১২ ৰ পৰা ১৯/২০ বছৰ বয়সৰ বিশেষকৈ এজাক পথভ্ৰষ্ট ল’ৰাৰ বাবে একো একোখন ঘৰ, একোটা অঞ্চল বা কেতিয়াবা সমগ্ৰ মানৱ সমাজেই চৰম লজ্জা আৰু বিৰম্বনাৰ সন্মুখিন হ’ব লগাত পৰিছে ৷ আমাৰ সমাজত কিশোৰী সকলৰ ক্ষেত্ৰত এই সমস্যা অদ্যাপি নিয়ন্ত্ৰণৰ ভিতৰতে আছে বুলি কলে হয়তো ভুল নহ’ব তথাপি চহৰত অধ্যয়ন কৰিবলৈ যোৱা একাংশ কিশোৰীয়ে মুক্ত চালচলনৰ সুবিধা পাই ঘৰৰ সকলো সংস্কাৰ ভৰিয়ে মোহাৰি বিজতৰীয়া ডেকা বা সহপাঠীৰ লগত উশৃঙ্খলভাৱে ঘুৰিফুৰা দৃষ্টিকটু দৃশ্য তেনেই সুলভ হৈ পৰিছে ৷ ভোগবাদত আক্ৰান্ত একাংশ কিশোৰীৰ হোটেল ৰেষ্টোৰেন্টত নিষিদ্ধনৈশ যাপন কৰা শেহতীয়া দুই এটা বাতৰিয়ে আমাৰ সংস্কাৰী সমাজখনক বাকৰুদ্ধ কৰি তুলিছে ৷ গতিকে, জাতিৰ ভবিষ্যতৰ স্বাৰ্থত অবিলম্বে সামাজিক ধ্যানধাৰণা, শিক্ষাব্যৱস্থা, আৰু প্ৰশাসনিক আইন কানুনৰ আমূল সংশোধন কৰি নললে ফ্ৰেংকষ্টাইনৰ দৰে পথভ্ৰষ্ট কিশোৰ কিশোৰী সকলে সামাজিক পৰিকাঠামো অবিলম্বে ভাঙি চুৰমাৰ কৰি যে পেলাব সেয়া নিশ্চিত ৷ তেনে উপায় কি?
১/প্ৰাথমিক স্তৰৰ পৰাই মূল্যবোধ শিক্ষাৰ ব্যবস্থাঃ-- বিশ্ববিখ্যাত বৃটিছ লেখক আৰু ধৰ্মতত্ত্ববিদ চি এচ লিউইছে (১৮৯৮-১৯৬৩) কৈছিল, “ Education without values, as uesful as it is, seems rather to make man a more clever devil.” অৰ্থাৎ মূল্যবোধহীন শিক্ষাই মানুহক দুৰ্দান্ত চয়তানলৈ ৰূপান্তৰিত কৰে ৷ মানবীয় চিৰন্তন মূল্যবোধবোৰ যেনে সত্যবাদিতা, দয়া, ক্ষমা, পৰোপকাৰ , ত্যাগ , প্ৰেম, ভাতৃত্ববোধ, সহনশীলতা আদি প্ৰমূল্যসমুহৰ উৎকৰ্ষ সাধনৰ বাবে পৰ্যাপ্ত সুযোগ পাঠ্যক্ৰমত প্ৰাথমিক পৰ্যায়ৰ পৰাই ৰাখিব লাগিব যাতে সৰুৰ পৰাই ছাত্ৰছাত্ৰী সকলৰ সবল আৰু সুস্থ নৈতিক চৰিত্ৰৰ বিকাশ হ’ব পাৰে ৷ পূৰ্বে আমাৰ পাঠ্যক্ৰমত “চৰিত্ৰ-পাঠ” বুলি এটি বিষয় আছিল ৷ ইয়াৰ উপৰি বাধ্যতামূলক সংস্কৃত বিষয়টিত অন্তৰ্ভুক্ত নীতিশ্লোক, জাতক-কথা, পঞ্চতন্ত্ৰৰ সাধু আদি পাঠ সমূহৰ অধ্যয়নে ছাত্ৰছাত্ৰীক সবল নৈতিক চৰিত্ৰ গঠনৰ বাবে প্ৰতি মূহূৰ্ততে প্ৰনোদিত কৰি থাকিছিল ৷ বৰ্তমান এনে বিষয়ৰ প্ৰতি পাঠ্যক্ৰম প্ৰণয়নৰ নীতি নিৰ্ধাৰক সকলে কৰা অৱহেলাই ছাত্ৰছাত্ৰীৰ আত্মিক বিকাশ বাধাগ্ৰস্ত কৰি তুলিছে আৰু সিহঁতৰ কৈশোৰ কালত তাৰ পৰিনাম শংকাজনক ভাবে পৰিস্ফুট হৈছে ৷
২/পিতৃ-মাতৃৰ কৰ্তব্যঃ-- পিতৃ-মাতৃ সকলেই ছাত্ৰছাত্ৰীৰ বাবে প্ৰথম আৰু প্ৰধান শিক্ষক ৷ তেওঁলোকৰ উপযুক্ত যতন আৰু প্ৰতিপালনৰ ব্যতিৰেকে বাগিছাৰ সুগন্ধি ফুলৰ পুলিহেন শিশু সকলৰ সুষম বা স্বাস্থ্যকৰ বিকাশ কেতিয়াও সম্ভৱ নহয় ৷ পিতৃ মাতৃয়ে বাগিছাৰ মালীৰ দৰে সুগন্ধি ফুলৰ পুলি স্বৰূপ ল’ৰাছোৱালী কেইটাৰ আদৰ যত্ন সঠিক ৰূপত লবই লাগিব ৷ তাৰবাবে গৃহপৰিবেশ শিশুৰ বাবে স্বাস্থ্যকৰ আৰু প্ৰণোদনকাৰী কৰি গঢ়ি ল’ব লাগিব ৷তাৰ ব্যতিক্ৰম হ’লেই শিশুসকল অনেক আবেগিক সমস্যাত পৰিব ফলশ্ৰুতিত কৈশোৰত তেওঁলোক অপৰাধ প্ৰবণ হৈ পৰিব ৷ সু-স্বাস্থ্য আৰু বিদ্যায়তনিক দিশৰ সুস্থ বিকাশৰ সমানে যাতে শিশুসকলৰ নৈতিক আৰু সৌন্দৰ্যতাত্বিক দিশৰো উৎকৰ্ষ সাধন হৈ যাব পাৰে তাৰ বাবে পিতৃ মাতৃ সকলে সৰু কালৰ পৰাই সংগীত নৃত্য অভিনয় অংকন আদিৰ দৰে সুষম কলাৰ চৰ্চাৰ সুযোগ দিব লাগে ৷ কিতাপ পঢ়াৰ সু অভ্যাস গঢ়ি দিব লাগে ৷ খেলাধুলা, কিছু পৰিমানে ভ্ৰমণৰ অভিজ্ঞতাও দিয়াব লাগে ৷ মুঠতে শিশুসকলৰ শৈশবক বন্দী কৰি নথৈ ইতিবাচক ভাবে উদযাপনৰ সুযোগ দিব লাগে ৷ শিশু- কিশোৰ সকলৰ মানসিক আৰু আবেগিক পৰিপুষ্টি লাভত বাধা, অস্বাভাৱিক হেঁচা আহিলেই জানিব তেওঁলোক উশৃঙ্খলহৈ পৰিব ৷ মাত্ৰ সাবধান যাতে সুযোগবোৰ তেওঁলোকৰ বাবে অবাধ অধিকাৰ বুলি গন্যহৈ নপৰে ৷
৩/চৰকাৰৰ কৰ্তব্যঃ-- আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক ৷ শিশু সকলক উপযুক্ত শিক্ষা নিৰ্দেশনাৰে ভবিষ্যত দেশৰ সম্পদ ৰূপে গঢ়ি তোলাটো চৰকাৰৰ মূখ্য কৰ্তব্য ৷ আজিকালি শিক্ষাক এক বিনিয়োগ (Education as an investment)হিচাপে গন্য কৰিবলৈ লোৱাত শৈক্ষিক লক্ষ্য উদেশ্যৰ পৰা বহুসময়ত মানৱীয় প্ৰমূল্যৰ বিকাশৰ লক্ষ্যক অবহেলা কৰি কেৱল অৰ্থনৈতিক উন্নয়নৰ দিশটোক গুৰুত্ব দিয়া দেখা গৈছে ফলশ্ৰুতিত উচ্চশিক্ষিতহৈ বা উচ্চ পদবীত অভিষিক্ত হৈ বহুতো আমোলা বিষয়া কৰ্মচাৰী টকাঘটাৰ যন্ত্ৰলৈ ৰূপান্তৰিত হৈ পৰিগৈ৷ আনকি নিজৰ বৃদ্ধ পিতৃমাতৃকো ভৰণপোষণ দিবলৈ তেওঁলোকে নুন্যতম দয়া মায়াকনো হেৰুৱাই পেলাই ৷ গতিকে চৰকাৰে শিক্ষা ব্যবস্থাক ৰাষ্ট্ৰীয় অৰ্থনৈতিক উন্নয়নৰ সজুঁলি(means)ৰূপে গঢ়ি তোলাৰ সমানে নাগৰিকৰ কল্যাণ আৰু সুখৰ আধাৰ হিছাপেও গঢ়িব লাগিব ৷ আজিকালি দেখা যায় শিক্ষানুষ্ঠানৰ সমিপতে অনুজ্ঞাপত্ৰ থকা মদৰ মহল, দোকানে বজাৰে নিচা জাতীয় দ্ৰব্য,পানীয়ৰ অবাধ প্ৰচলন, বিজতৰীয়া নাচ গানৰ অনুষ্ঠানৰ প্ৰয়োভৰ, লটাৰী জুৱা-খেলৰ অবাধ বিস্তাৰ, চোৰাংবেহা , নাৰী দেহৰ বেহা , উগ্ৰপন্থী-জেহাদীৰ প্ৰভুত্ব , ড্ৰাগছ মাফিয়াৰাজ (narco-terrorism), সময় অসময় নাই থিয়েটাৰ ফাংচন উৎসৱ অনুষ্ঠানৰ আয়োজন.. এই ক্ষতিকাৰক দিশ সমুহে সততে অপৰিপক্ব শিশু কিশোৰ সকলক আকৰ্ষিত কৰে আৰু জীৱন গঢ়াৰ মহামুল্যবান সময়, বুদ্ধি আৰু অভিভাৱকৰ কষ্টোপাৰ্জিত ধন এইবোৰত খৰছ কৰি নিজৰ লগতে দেশৰো চৰম ক্ষতি কৰে ৷
যিহেতু, চৰকাৰো অভিভাৱক গতিকে শিশু কিশোৰ কিশোৰী সকলৰ বিকাশত প্ৰভাবিত কৰিব পৰা অশান্তজৰ্জৰ আৰু অস্বাস্থ্যকৰ সামগ্ৰিক পৰিবেশ শান্ত আৰু উৎসাহপুৰ্ণ কৰি গঢ়াত প্ৰভুত গুৰুত্ব চৰকাৰে দিবই লাগিব ৷ বিষয় ভেদে কঠোৰ আইন পৰ্যন্ত বলবৎ কৰিব লাগিব ৷
৪/ সহ-পাঠ্যক্ৰমিক কাৰ্যসূচীত অংশগ্ৰহণঃ-- বিদ্যালয়ত নিয়মীয়াকৈ সংগীত, খেলধেমালি , সমাজ সেৱা, পৰিবেশ সুৰক্ষা অভিযান, সৃষ্টিশীল কৰ্ম আৰু চিন্তাৰ চৰ্চাৰ দৰে সহপাঠ্যক্ৰমিক (co- curricular acts) কাৰ্যসূচীত ছাত্ৰছাত্ৰী সকলৰ অংশগ্ৰহণৰ সুবিধা দিব লাগে ৷ তাৰ বাবে সবল আন্তঃগাঁথনি নিশ্চিত হ’ব লাগে৷ এই সমুহ বিষয়ৰ নিয়মীয়া চৰ্চাই মুল পাঠ্যক্ৰম ( core- curriculum)ত ছাত্ৰছাত্ৰীৰ অৰ্হতা বৃদ্ধি কৰাৰ লগতে ছাত্ৰছাত্ৰীৰ সৃজনশীলতাৰ বিকাশ আৰু bad blood ৰ বিনাশ ঘটাব ৷
৫/ সৎ সঙ্গঃ-- “সংগই তাৰে সংগদোষে মাৰে” বুলি এটা কথা আছে ৷ বাল্যকালচোৱাত অৰ্থাৎ (৫ বছৰৰ পৰা ১১/১২ বছৰ পৰ্যন্ত) খেলাধুলা ফুৰাচকা কৰিবৰ কাৰণে শিশু সকলে যাতে ধনী দুখীয়াৰ বিবেচনা নকৰি ভাল সংস্কৃতিবান পৰিয়ালৰ লগৰীয়াৰ সংগত উঠাবহা কৰাৰ সুবিধা পাই এই কথাটোত অভিভাৱক সকলে বৰ গুৰুত্ব দিব লাগে কাৰণ কৈশোৰ কালত আপোনাৰ শিশুটিয়ে এই সকল বন্ধুৰ পৰা ভাল পৰামৰ্শ আৰু আদৰ্শ যাতে লাভ কৰি থকাত সুবিধা হয়গৈ ৷ কৈশোৰ কালত মানৱ বিকাশৰ বিভিন্ন স্তৰৰ বৈশিষ্ট্য অনুযায়ী আপোনাৰ শিশুটিয়েও বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হ’ব, আকৰ্ষিত হ’ব মদ ভাং ড্ৰাগছৰ দৰে চৰম বিনাশ কাৰক বস্তু সমুহৰ প্ৰতিও৷ আনকি নিষিদ্ধ জগত খনৰ প্ৰতিও প্ৰবল অনুসন্ধিৎসুহৈ উঠিব ৷ আনৰ সন্মুখত নিজক Hero ৰূপত দাঙি ধৰিবলৈ এই কালত আপোনাৰ শিশুটিয়েও ভিতৰৰ পৰা এক প্ৰবল তাড়না অনুভৱ কৰি থাকিব ৷ গতিকে তেওঁৰ নিকট বন্ধু সকলক চেৰাই গৈ যাতে পোনেই বিপথত খোজ পেলাব নোৱাৰে তাৰ বাবে বাল্যকালচোৱাৰ পৰাই সৎ-সংগৰ সংশ্ৰৱ পাই যাব লাগে ৷ সৎ-সংগ অনেক গুণকাৰক , নীতিশতক নামৰ পুথিত আমি পাইছিলোঁ , যথা--
“জাদ্যং ধিয়ো হৰতি সিঞ্চতি বাচি সত্যং মনোন্নতি
দিশতি পাপমপাকৰোতি শ্বেত প্ৰসাদয়তি দীক্ষু তনোতি কীৰ্তিং সৎসঙ্গতি কথয় কিং ন কৰোতি পুংষাম ৷ ”-
অৰ্থাৎ-- সৎসংগই আপোনাক সত্যপৰায়ণ কৰাব, প্ৰজ্ঞাৰ বিকাশ সাধিব, মনৰ উন্নতি আৰু আনন্দ সাধিব, পাপ কামৰ পৰা বিৰত ৰাখিব, কীৰ্তি যশস্যা বৃদ্ধি কৰিব... ইত্যাদি ৷
৬/ গ্ৰন্থ অধ্যয়নঃ-- সৌ সিদিনালৈকে গ্ৰন্থ অধ্যয়ন কৰাটো আছিল আজৰি সময় সৎ ব্যবহাৰৰ অন্যতম উপায়৷ শিশু, কিশোৰৰ পৰা আৰম্ভ কৰি পৌঢ়, বৃদ্ধ, সকলো স্তৰৰ পাঠকৰ বাবে সাধু, গল্প, উপন্যাস, নাটক, কবিতা, তত্বমুলক গ্ৰন্থ, আলোচনী, বাতৰি কাকত যদিও আজিৰ দৰে উভৈনদী নাছিল কিন্তু পাঠকৰ সংখ্যা বেচ চকুত লগা আছিল ৷ নিজে কিতাপ কিনি পঢ়িব নোৱাৰা সকলেও আনৰ পৰা ধাৰে লৈ, নিজৰ হাতত থকা এখনৰ লগত সালসলনি কৰি নহয় স্কুল কলেজ বা গ্ৰাম্য পুথিভঁৰালৰ পৰা সংগ্ৰহ কৰি অবিৰাম কিতাপ পঢ়িছিল ৷ কিন্তু বিগত দুই দশক ধৰি মানুহবোৰৰ কিতাপ আলোচনী পঢ়িবলৈ যেন সময় নোহোৱা হ’ল ৷ তথ্য প্ৰযুক্তিৰ দ্ৰুত উত্থানৰ দিনত হাতৰ কিতাপ আলোচনী দলিয়াই দি সৰহ সংখ্যক মানুহেই টিভি, মবাইলফোন, ইন্টাৰনেটৰ সন্মুখত ঘন্টাৰ পাছত ঘন্টা বহি সময় পাৰ কৰিবলৈ লাগিল ৷ আজি কাকত আলোচনী গ্ৰন্থৰ সীমা সংখ্যা নাই কিন্তু সেই অনুপাতে পাঠক, ক্ৰেতাৰ সংখ্যা বৃদ্ধি হোৱা নাই বুলি লেখক-প্ৰকাশক-বিতৰক সকলে দুখ প্ৰকাশ কৰে ৷ যিকি নহওক সুস্থ শাৰীৰিক স্বাস্থ্যৰ বাবে যি দৰে সুষম আহাৰৰ অত্যন্ত প্ৰয়োজন ঠিক একে দৰে সুস্থ মানসিক স্বাস্থ্য, বৌদ্ধিক উৎকৰ্ষ আৰু আত্মিক শক্তিৰ বিকাশ আৰু মনৰ সন্তুলন, সন্তুষ্টি ৰক্ষাৰ বাবে কিশোৰ সকলে নিতৌ ভাল লেখকৰ গ্ৰন্থ অধ্যয়নৰ অভ্যাস কৰিব লাগে ৷ এই অভ্যাসে কৈশোৰৰ ধুমুহা নিৰ্বাপিত কৰাৰ লগতে ভবিষ্যতে আত্মপৰিচয় প্ৰতিষ্ঠা কৰাতো তেওঁলোকক প্ৰভুত সহায় কৰিব৷
৭/ মাদক দ্ৰব্য নিবাৰণঃ-- এয়া সকলোৱে জ্ঞাত যে আজিৰ তাৰিখত মাদক দ্ৰব্যৰ গ্ৰাসত পৰি সকলো যুবক যুবতী অকালতে সোৰোপা, ভগ্ন- স্বাস্থ্যৰ, বেমাৰ আজাৰে পিড়িত, লক্ষ্যভ্ৰষ্ট, পৰিয়াল পৰিজনৰ ওপৰত অভিশাপ স্বৰূপ, অস্থিৰ, উদ্ধত্ত, বিকলাংগ হৈ সমাজৰ সুস্থিৰতাৰ অশনি সংকেট যেন হৈ পৰিছে ৷ বিধস্ত যুৱক যুৱতী সকল পৰিয়াল, সমাজ তথা দেশৰ বাবে অভিশাপ স্বৰূপ হৈ পৰে ৷ আমেৰিকাৰ বিশিষ্ট্য চিন্তাবিদ, সমাজ সংস্কাৰক, লেখক ফ্ৰেডৰিক ডগলাছে (১৮১৮-৯৫) কৈছিল, “It is easier to build strong children than to repair broken man.” অধপতিত হোৱাৰ পাছত তেওঁলোকক উদ্ধাৰ স্বয়ং ভগৱানেও কৰিব নোৱাৰে ৷ তাহানিৰ কানি বৰবিহে যি দৰে পৰাধীন অসমীয়া সমাজখনক সকলো ফালৰ পৰাই বিধস্ত কৰি তুলিছিল যেন সেই দিন আকৌ মদ ভাং ড্ৰাগছ সেৱনৰ ৰূপত পুনৰ ঘুৰি আহিল ৷ ৰাইজ, সামাজিক দল সংগঠন, নাৰী সংগঠনে আকৌ মদ নিবাৰণৰ বাবে প্ৰবল আন্দোলন গঢ়ি তুলি চৰকাৰক মদ আৰু সকলো ধৰণৰ মাদক দ্ৰব্যৰ নিষিদ্ধৰ বাবে আইন বলবৎ কৰিবলৈ বাধ্য কৰাব লাগে ৷ নিজৰ নিজৰ অঞ্চলৰ তিনি আলি চাৰি আলিবোৰত কাঠফুলাৰ দৰে গঢ়ি উঠা দোকান বজাৰবোৰত সততে কিহৰ ব্যবসায় চলে, সন্ধ্যাৰ পৰা মাজনিশালৈ তাত কিহৰ আদ্দা চলে, কেনেধৰণৰ মানুহৰ আহযাহ হয় সচেতন স্থানীয় ৰাইজে নজৰ দি বিসংগতি দেখিলেই গৰজি উঠিব লাগিব ৷
৮/ সমাজ আৰু স্বেচ্ছাসেৱী সংগঠনৰ দায়িত্বঃ-- কৈশোৰকালীন সমস্যা সমুহ নিয়ন্ত্ৰণ কৰিবৰ বাবে স্থানীয় সমাজ, স্বেচ্ছাসেৱী সংগঠন, সংঘৰ ভুমিকা বৰ গুৰুত্ব পুৰ্ণ ৷ আমাৰ অসমীয়া নামঘৰ কেন্দ্ৰীক সমাজখনে মহাপুৰুষ গুৰুদুজনাৰ সৃষ্ট নাট ভাওনা নৃত্য গীত বাদ্য সমুহৰ চৰ্চাৰ সু-বন্দোবস্ত কৰা উচিত ৷ ঠিক একে দৰে থলুৱা ইছলাম ধৰ্মী সমাজ খনেও আজান পীৰৰ আদৰ্শৰে চুফিবাদী সাহিত্য সংগীত চৰ্চাৰ বন্দোৱস্ত কৰা উচিত যাতে শেহতীয়া ওৱাহাৱী কু-সংস্কৃতিয়ে আমাৰ কিশোৰ সকলক আক্ৰান্ত কৰিব নোৱাৰে ৷ আনহাতেদি স্বেচ্ছাসেৱী সংগঠন, অনুষ্ঠান সমুহে স্থানীয় ভাবে কিশোৰ কিশোৰী সকলৰ ব্যক্তিত্ব গঠন, উচ্চ শিক্ষা আৰু ভবিষ্যত আত্মসংস্থাপনৰ সহায়ক হোৱাকৈ গাইডেন্স আৰু কাউন্সিলিঙৰ কেম্পবোৰ আয়োজন কৰি থাকিব লাগে ৷
৯/ শিক্ষাক বৃত্তিমুখীকৰণঃ-- বৰ্ধিত নিবনুৱাই আমাৰ সমাজত অনেক সামাজিক আৰু আইন শৃংখলাজনিত সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ উচ্চ ডিগ্ৰী ডিপ্লোমা লৈ কৰ্মসংস্থাপনহীন হৈ অনাই বনাই ঘুৰি ফুৰা অগ্ৰজ ছাত্ৰছাত্ৰী সকলে পাছৰ সকলৰ চিন্তা চেতনাত বিৰূপ আৰু নেতিবাচক প্ৰভাব পেলাই ৷ অগ্ৰজ সকলৰ বিৰম্বনা দেখি কিশোৰ কিশোৰী সকলে শিক্ষা বিদ্যা চৰ্চা কৰা বা কঠোৰ সাধনা কৰাৰ অৰ্থহীনতাৰ ভুল অনুভৱ কৰে ৷ এনে পৰিস্থিতি সমাজৰ বাবে বৰ ক্ষতিকাৰক৷ গতিকে চৰকাৰে শিক্ষাক বৃত্তিমুখিকৰণ কৰাত গুৰুত্ব প্ৰদান কৰা উচিত যাতে ছাত্ৰছাত্ৰীয়ে তাত্বিক বিষয় সমূহ অধ্যয়ন কৰি চৰকাৰী চাকৰিৰ বাবে বাট চাই থকাতকৈ নিজৰ ৰূচি আৰু অধ্যয়ন ক্ষেত্ৰৰ ভিত্তিত সহজে স্বাবলম্বী হৈ উঠিব পাৰে৷ স্বাধীনতাৰ পাছৰ পৰাই বিভিন্ন শিক্ষা আয়োগ বিশেষকৈ ১৯৫২-৫৩ চনৰ ডি এচ কোঠাৰিৰ নেতৃত্বৰ শিক্ষা আয়োগ, ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি ( National policy on Education - 1986) আদিয়ে শিক্ষাক বৃত্তিমুখী কৰাৰ বাবে অশেষ যত্ন কৰিয়ো বিফল হোৱাটো আমাৰ বাবে দুখৰ বতৰা৷
১০/ যৌন শিক্ষাঃ-- কৈশোৰ কালৰ প্ৰধান বৈশিষ্ট্যই হৈছে কিশোৰ কিশোৰীৰ যৌনতা প্ৰাপ্তি ৷ তেওঁলোকৰ জনন অংগ আৰু যৌন গ্ৰন্থী সমুহে পুৰ্ণতা আৰু পৰিপক্বতা লাভ কৰাৰ সমানে সমানে তেওঁলোকে মনো-শাৰীৰিক (psycho-physical) তীব্ৰ তাড়না কিছুমান অনুভৱ কৰিবলৈ আৰম্ভ কৰে ৷ তেওঁলোকৰ শৰীৰ আৰু চিত্ত চঞ্চল হয় ৷ বিপৰীত লিংগৰ প্ৰতি তীব্ৰ আকৰ্ষণ জন্মে৷ প্ৰজনন ক্ৰিয়াৰ প্ৰতি প্ৰবল হাবিয়াস জাগে ৷ ইতৰ জীৱ জন্তুৱে এই খিনি সময়তে জোৰ পাতে, এয়া সিহঁতৰ প্ৰবৃত্তি৷ ৷ কিন্তু উন্নত মগজুৰ অধিকাৰী, সামাজিক প্ৰাণী মানুহ প্ৰবৃত্তিৰ দাস নহৈ, প্ৰবৃত্তি সমুহক উন্নিত কৰি বৌদ্ধিক উৎকৰ্ষ সাধন, সৃজনীশীলতাৰ বিকাশ, ব্যক্তিত্বৰ বিকাশ আৰু আত্ম প্ৰতিষ্ঠা লাভৰ বাবে শিক্ষা সাধনাত সময় দিব লগা হয় ৷ এয়া সু-সভ্য মানৱ সমাজৰ ইপ্সিত আচৰণ ৷ কিন্তু কৈশোৰৰ আকস্মিক দৈহ-ৰাসায়নিক আৰু মানসিক পৰিবৰ্তনে বহু কিশোৰ কিশোৰীক বিমোৰত পেলায় ৷ লাজ, ভয়, দোদুল্যতা, হীনমন্যতা আদি আবেগে তেওঁলোকক অনেক সময়ত ব্যতিব্যস্ত কৰি তোলে ৷ এই খিনি সময়ত অভিভাৱক, পিতৃমাতৃৰ বা সমাজৰ সহমৰ্মিতা নাপালে তেওঁলোক আবেগিক সমস্যাত পৰে ৷ উপযুক্ত গাইডেন্স আৰু কাউন্সিলিঙৰ অভাবত বিকৃত যৌনাচাৰ, অ-স্বীকৃত যৌনাচাৰ আৰু নিষিদ্ধ যৌনাচাৰত পতিত হৈ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ অজস্ৰ উদাহৰণ আমাৰ দেশত আছে ৷ গতিকে যৌনবিজ্ঞান, যৌন ব্যাধি (venereal disease) আৰু শৰীৰতত্ব বিজ্ঞানৰ সু- শৃংখলিত পাঠ এই সময়চোৱাত মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমে যোগান ধৰিব লাগে ৷
১১/ সামাজিক শান্তি প্ৰতিষ্ঠা কৰাঃ-- সামাজিক আৰু ৰাষ্ট্ৰীয় শান্তি আৰু বুজাবুজি প্ৰতিষ্ঠা কৰাৰ দায়িত্ব কেবল দেশৰ ৰাজ্যিক বা ৰাষ্ট্ৰীয় চৰকাৰ বোৰৰে নহয় এই ক্ষেত্ৰত সমাজৰ প্ৰতিজন ব্যক্তিৰে যে অলেখ দায়িত্ব আছে এয়া আমি সকলোৱে উপলব্ধি কৰা জৰুৰী ৷ আমি নিজৰ নিজৰ পৰ্যায়ত যিমান পাৰো সামাজিক সম্প্ৰীতি, আবেগিক সমন্বয়, দেশ আৰু সমাজ বিৰোধী শক্তিক প্ৰশ্ৰয় নিদি সংঘাট নহয় শান্তি প্ৰতিষ্ঠা কৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰিব লাগে৷ যোৱাটো শতিকাৰ শেষৰ দুটা দশকৰ পৰা প্ৰায় আজি পৰ্যন্ত আমাৰ ৰাজ্যখনত যি আৰ্থ-সামাজিক , ৰাজনৈতিক অস্থিৰতা বিৰাজ কৰি আছে এনে পৰিবেশত প্ৰগতি বা বৌদ্ধিক উন্নয়ন হোৱাটো আশা কৰিব নোৱাৰি বৰং সকলো দিশতে অনগ্ৰসৰতা আহি জাতিটোক দেশৰ আন অঞ্চলৰ মানুহবোৰতকৈ বহুদুৰ যে পিছুৱাই থব হয়তো সেয়া আজি সকলোৱে উপলব্ধি কৰিব পাৰিছে ৷ বিগত ৬/৭ টা মান বছৰত আমাৰ সমাজখনলৈ চিন্তা ভাবনাগত কিছু ইতিবাচক পৰিবৰ্তণ অহা পৰিলক্ষিত হৈছে ৷ আমি আৰু বহু দুৰ অতিক্ৰম কৰিব লাগিব৷ সংকীৰ্ণ গোষ্ঠীগত চিন্তা, সাম্প্ৰদায়িকতা, ঠেক ৰাজনৈতিক আকাংক্ষাক পিছলৈ ঠেলি ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে অৰিহণা যোগাবলৈ সকলো মানসিক ভাবে প্ৰস্তুত হ’ব লাগে ৷ যোৱা ২৭ জানুৱাৰী/২০২০ তাৰিখে আমাৰ বড়ো ভাই সকলে ঐকমত্যত কেন্দ্ৰীয় চৰকাৰৰ লগত যি শান্তি চুক্তিত স্বাক্ষৰ কৰিলে এই পদক্ষেপে সমগ্ৰ ৰাজ্যখনলৈকে এক ইতিবাচক পৰিবৰ্তন আনিব ৷ ৰাজ্যখনৰ আলফাকে ধৰি আন আন উগ্ৰবাদী গোট সমুহৰ লগতো আলাপ আলোচনাৰ দুৱাৰ শীঘ্ৰেই মুকলি হ’ব লাগে ৷ কাৰণ এই শক্তিবোৰে অনায়াসে আমাৰ কিশোৰ কিশোৰী সকলক অৰ্থাৎ ১১/১২ বছৰৰ পৰা ১৯/২০ বছৰীয়া উদ্যমী , বিপুল সম্ভাৱনাময় নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰি সিহঁতৰ কৈশোৰক কলংকিত কৰি আহিছে ৷
পৰিশেষত, কৈশোৰৰ অপৰাধ প্ৰবণতা এটা বিশ্বজনীন ইচ্ছু বা প্ৰত্যাহ্বান ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে উন্নত আধুনিক যুক্তিবাদী সমাজেও- যি বস্তুগত সংস্কৃতি আৰু বৌদ্ধিক উৎকৰ্ষতাৰ শিখৰত আৰোহণ কৰি আছে তেনে সমাজো আজি এই সমস্যাত পৰি দিকবিদিক হেৰুৱাব লগা হৈছে ৷ কিশোৰৰ দ্বাৰা চুৰিকাঘাট, ড্ৰাগছ সেৱন, গুলিচালনা, আগতীয়া পিতৃত্ব/মাতৃত্ব লাভ আজি আমেৰিকা, অষ্ট্ৰেলিয়াৰ দৰে দেশত নৈমিত্তিক ঘটনা হৈছে৷ সেয়েহে তেনে উন্নত সমাজেও আজি অত্যাধুনিক ভোগবাদী ধ্যনধাৰনা এৰি কিছুপৰিমাণে পাচ্যৰ আদৰ্শবাদী সমাজখনৰ আমি পুৰণি আৰু আউতদেটেট বুলি ভবা মূল্যবোধ সমুহ আহৰণৰ যত্ন কৰি আছে ৷ যিকিনহওক, প্ৰাকৃতিক পৰিবেশলৈ বিভিন্ন প্ৰদূষক (pollutants) বোৰৰ অবাধ আগমনৰ বাবে যিদৰে মাটি পানী বায়ু আদি প্ৰকৃতিৰ উপাদানবোৰৰ গুণাগুণৰ অনেক হানিবিঘিণি হৈছে একেদৰে সামাজিক পৰিবেশলৈও আমি অবাধে সামৰি অনা দুষ্কৃতি, দুৰাচাৰী কৰ্মকাণ্ড সমুহৰ প্ৰভাবতেই অনেক সময়ত সমাজৰ ভবিষ্যৎ ধৰণী স্বৰূপ শিশু- কিশোৰ-কিশোৰী সকলৰ ব্যক্তিত্বৰ অনেক হানিবিঘিনি হৈছে ৷ জন্মগত ভাবে কোনো শিশুৱেই অপৰাধী হৈ নহাৰ দৰে কোনো কিশোৱেই অপৰাধীহৈ কৈশোৰ কালত নোসোমাই ৷ পিছে তেওঁলোকৰ কৈশোৰৰ উদ্দাম তেজ আৰু অভিৎসাক উপযুক্ত পথেৰে গতি দিব পৰা প্ৰয়োজনীয় বুদ্ধি, ব্যবস্থা আৰু আন্তঃগাঁথনি যোগাৰ দিব নোৱাৰাৰ বাবে দেশে দেশে বিপথগামী হৈছে কিশোৰ কিশোৰী আৰু কলংকিত হৈছে কৈশোৰ ৷ জনবিস্ফোৰণে অনা অস্হিৰতা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আনি দিয়া বস্তুগত পৰিবৰ্তনৰ আকস্মিক হেঁচা আৰু সমাজৰ আদৰ্শগত মুদ্ৰাস্ফীতিৰ বাবেই আজিৰ আধুনিক সমাজখনত অনেক প্ৰত্যাহ্বান ৷ সিফালে , অপৰাধপ্ৰবণ একাংশ কিশোৰ কিশোৰীলৈ লক্ষ্য কৰি আমি জানো আমাৰ ল’ৰাছোৱালীবোৰক যুগে কঢ়িয়াই অনা বস্তুগত পৰিবৰ্তনবোৰৰ লগত সংশ্ৰৱ নোহোৱাকৈ নিলগাই ৰাখিব পাৰিম? বাল্মীকিৰ আশ্ৰমত লব কুশৰ দৰে ডাঙৰ দীঘলহৈ উচ্চ মান বিশিষ্ট্য নৈতিক চৰিত্ৰৰ অধিকাৰী হওক বুলি জানো ৰাখিবগৈ পাৰিম? টিভিৰ ৰং বিৰং বিভিন্ন অনুষ্ঠান, চিনেমা, খেলাধুলা চাবলৈ নিদিয়াকৈ, লেপটপ-কম্পিউটাৰ-এন্ড্ৰইদ মবাইল স্পৰ্শ কৰিবলৈ নিদিয়াকৈ, বাইক স্কুটি এখন চলাবলৈ নিদিয়াকৈ জানো সিহঁতক যুগৰ সোঁতৰ বিপৰীতে সাঁতুৰিবলৈ বাধ্য কৰালে লাভদায়ক হ’ব? নিশ্চয় নহ’ব ৷ গতিকে, কাজেই সিহঁতৰ ব্যক্তিত্বত যাতে এটা সবল আদৰ্শগত দৃষ্টিভংগী (idealistic outlook) গঢ় দিব পাৰোঁ তাৰ বাবে শৈশবৰ পৰাই ঘৰতে এক পৰিকল্পিত উদ্যোগ লৈ আমি আগবাঢ়িব লাগিব ৷ যিমান সোনকালে আমাৰ সন্তান কেইটিৰ মূল্যবোধ সম্পন্ন এক ব্যক্তিত্ব গঢ় ল’ব সিমানেই আমাৰ পৰিয়ালটোৰ শান্তি আৰু প্ৰগতি নিশ্চিত হ’ব কিন্তু ডাঙৰ কথা যে প্ৰাক্ কৈশোৰৰ সময় খিনিতে আমি তাৰ এক ৰূপৰেখা সিহঁতৰ আচাৰ আচৰনত দেখা পাবই লাগিব৷ কথাতেই কয় “ যি মূলা বাঢ়ে তাৰ দুপতীয়াতে চিন” অন্যথা আমি বিজ্ঞজনৰ পৰামৰ্শ মানে গাইডেন্স আৰু কাউনচেলিঙৰ সহায় ল’ব লাগিব ৷ শিশু কিশোৰ কিশোৰীৰ আদৰ্শগত বা ধ্যানধাৰণা বা চিন্তা চেতনাগত আশাব্যঞ্জক উৎকৰ্ষ সাধন হোৱাৰ পাছত যুগে আনি দিয়া বস্তুগত পৰিবৰ্তন বা নতুন তৰাং চিন্তা ভাৱনাগত পৰিবৰ্তনে তেওঁলোকক স্পৰ্শ কৰিলেও তেওঁলোকৰ ব্যক্তিত্বক কোনো ক্ষতি কৰিব নোৱাৰিব ৷ তেহে, তেওঁলোকৰ লগতে সমাজখনো ৰক্ষা পৰিব ৷৷
✍️অনিৰ্বাণ দত্ত
বিষয় শিক্ষক, শিক্ষাতত্ত্ব বিভাগ৷
হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় ,বিশ্বনাথ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ