আমি সকলো বস্তু ধৰি ৰাখিব পাৰোঁ। কিন্তু সময়ক কেতিয়াও ধৰি ৰাখিব নোৱাৰো। সময় হ'ল আটাইতকৈ বেগী । আৰু সময়তকৈও বেগী হ'ল মানুহৰ মন। সময়ৰ লগে লগে মানুহৰ মন সলনি হয়। সময়ৰ লগে লগে মানুহৰ জীৱনলৈ পৰিৱৰ্তন আহে। সময়ে উচ্চ-নীচ , ধনী-দুখীয়া একো চিনি নাপায়। সেইকাৰণে সময়ে ভিন্ন সময়ত ভিন্ন ৰূপ দেখুৱাই থাকে। কথাতে কয় নহয় মানুহে দেখি শিকে, নহ'লে ঠেকি শিকে। সময়ে দেখুওৱাই ও শিকাই চাই আৰু ঠেকা খোৱাইও শিকাই চায়। কেনেদৰে শিকো সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে। আমি যেনেকে সময়ৰ ওপৰত নিৰ্ভৰশীল ঠিক তেনেদৰে সময়ও আমাৰ ওপৰত নিৰ্ভৰশীল।
✍️সংযুক্তা দত্ত
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ