অʼই অকলে অকলে বহি কিনো ভাবি আছ অʼ ? এহ নকবি দে, গুৰুত্বপূৰ্ণ কথা এটিকে ভাবিছোঁ ৰ! চাকৰিৰ যোগ্যতা থকাৰ পিছতো অনিয়ম- দুৰ্নীতিৰ বাবে চাকৰিলৈ বাট চাই চাই বয়সে খেদালোঁ। সমস্যাবোৰ সমাধান কৰিবলৈ সংগঠন খুলি কিমান যে অনুনয়-বিনয় কৰিলোঁ।মূৰকত সাঁচতীয়া কেইটাৰো মুদা মৰিল। এই যে চতুৰ্থ স্তম্ভবোৰ তেওঁলোককো কিমান যে কাকুতি কৰিলোঁ, আমাৰ সমস্যাবোৰক লৈ টকচৌ এটা কৰকহে। হেৰী,অʼ তেওঁলোকক বোলে ওপৰমহলাই অনুমতিয়েই নিদিয়ে আমাৰ সমস্যাবোৰ আলোচনা কৰিবলৈ। সেয়েহে ভাবি আছোঁ কোনোবা এজন চেলিব্ৰিটীয়েই হওঁক বা ছানচিল্ক-টানচিল্ক চেম্পো দিয়া পোৱা হ'লেও সেইজনকে পতাই লৈ বিয়াখনকে পাতিব বা ভাঙিব পাৰিলেও অন্ততঃ চতুৰ্থ স্তম্ভবোৰকেই মোৰ পিছত কেইদিনমানলৈ লগাই থ'ব পাৰিলোহেঁতেন !
✍️ৰেজিনা পাৰবিন।
বাইহাটা কমলপুৰ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ