নৱবৰ্ষৰ আনন্দ - সুশান্ত দাস

©Admin
0
উলহ-মালহ লাগিছে পৃথিৱীত
নৱবৰ্ষ আকৌ আহিছে,
আনন্দত মতলীয়া হৈছে সকলো
মনোভিৰাম ক্ষণ গণিছে

মৰহা মনবোৰে আকৌ হাঁহিছে
নতুন বছৰৰ আগমনত,
নৱবৰ্ষই আনিব শান্তি
মূমূৰ্ষ মানৱৰ মনত

আদ্যোপ্ৰান্তত বাজিছে সুৰ
হৰ্ষ আৰু উল্লাসৰ,
একাকৃত হৈছে সকলো
পাতিছে মেলা ঐক্যৰ

নতুন বছৰে আনিব চিন্তা
নতুন প্ৰজন্মৰ মনত,
কুশলে থাকক আমাৰ পৃথিৱী
ব্যসনবোৰ ব্যাহত থাকক

ঐক্যতাৰ ব্ৰততীৰে যেন 
বান্ধ খাইছে সকলো
নৱবৰ্ষৰ আনন্দবোৰ যেন 
আঁতৰি নাযাওক কেতিয়াও

✍️সুশান্ত দাস, শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)