গুৰু তুমি জ্ঞানৰ জ্যোতি -জ্যোতিষ্মান চমুৱা

©Admin
0
হে" গুৰু  জ্ঞানৰ জ্যোতি
জীৱন পথত উজ্জ্বলোৱা 
এগছি বন্তি তুমি। 
 তুমি গুৰু! তুমি দেৱ! 
তুমি জ্ঞানৰ পোহৰ বিলোৱা 
জীৱন পথৰ অবিৰত যাত্ৰী। 
আদিগুৰু নমস্য, 
তুমি গুৰু ৰাধাকৃষ্ণ
জ্ঞানৰ প্ৰদীপ ,
অজ্ঞানতা দূৰ কৰা
পোহৰৰ এগছি বন্তি । 
শিক্ষক- ছাত্রৰ মণিকাঞ্চন সংযোগৰ স্হলী
কৰিছো প্ৰণাম তুমি মহান
 আলোক সন্ধানী
 তুমি নিস্বাৰ্থ প্ৰেমিক। 
নিজক বিলীন কৰি 
পোহৰ বিলাই যোৱা
শিক্ষা গুৰু তুমি ! 
যুগে যুগে চিৰনমস্য আমি। 
অশিক্ষাৰ আকাশত 
 নৈতিকতাৰ  ৰক্ষক
গুৰু তুমি হ'লা প্ৰকৃত মানুহ গঢ়াৰ পথ প্ৰদৰ্শক । 
হে" গুৰু জ্ঞানৰ জ্যোতি 
গুৰু দেৱ জ্ঞানৰ পূজাৰী 
তোমাৰ অবিহনে শূন্য আমি 
কৰিছো শতকোটি প্ৰণাম আমি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)