অভিমান -ৰজনী কুমাৰ ডেকা

©Admin
0
প্ৰকৃতিলৈ বসন্ত আহে যেতিয়া 
ধূলিৰ ধোৱা বয় তেতিয়া ,
ভগাপঁজা ঘৰবোৰে বালিৰ ওৰণি লয় ,
লঠঙা বিৰিখ বোৰে দেহত
বালিৰ ফাকু সানে
তাকে দেখি লাজুকী চৰাই বোৰে
লাজতে পৰি মৰে ৷
বসন্তৰ জাননিত ততিনীৰ শক্তি
ক্ৰমান্বয়ে ধীৰ হয় ,
তাৰে বালিচৰত শিশুহঁতে বৰ্ণব 
কাগজৰ চিলা উৰুৱায় ৷
প্ৰকৃতিৰ কিনো বিনন্দীয়া গান ,
বসন্তই কৰে কত অভিমান ৷
চঞ্চল-চপলা হৰিণী জাকে বনত 
পানী বিচাৰি তৃষ্ণা হৰে ,
বৰঞ্চ ভোকাতুৰ ব্যাঘ্ৰৰ উপদ্ৰবতহে পৰে
প্ৰকৃতিৰ কিনো বিনন্দীয়া গান ,
বসন্তই কৰে কত অভিমান ৷
তাকে দেখি শিমলু আৰু মদাৰৰ
পুষ্পই তলতে ৰঙীন দলিচা পাৰে ,
মেঘাচ্ছন্ন আকাশলৈ চাই
এজাক বৃষ্টিৰ বাবে ভেকুলিৰ সতে
ক’ত আলাপ কৰে ৷

      

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)