পিতাইকো বোকাৰ গোন্ধে ৰিঙিয়াই
কান্ধত এটি নাঙল
কেতিয়াবা এমুঠি নালৰ এখন কোৰ
কামিহাড় ওলোৱা ফটা কামিজটো
কেইবাটাও বʼহাগৰ ধুমুহা পাৰ কৰা
এখন পানী গামোচাৰ সৈতে
প্ৰিয় পথিক হ'ব খোজে
শাওণৰ লুঙলুঙীয়া বাটত।
ডাঁৱৰে কি কয় তেওঁ নুশুনে
দুটা হুমুনিয়াহ কাঢ়ি
দুখৰ জাপি গণিব খোজে।
নাঙলৰ সিৰলুত নতুন পামৰ অৰ্থ খেদোতে
বৰষুণৰ দুটোপাল নয়নজুলিত
আকৌ ..
কেতিয়াবা ছাট্ মাৰি ধৰা সূৰুযৰ হাঁহিত
ভৱিষ্যতৰ সাধু ৰচে।
আমাৰ পলসে সাৰুৱা কৰা শস্যডৰা
ক্ৰমাৎ সেউজীয়াৰ পৰা সোণালী হয়
শাওণৰ পৰা আঘোণ হোৱা পথত
কুঁৱলীৰ ফাঁকত সোণগুটি বুটলে।
আঘোণৰ আবেলিৰ বিদায় ক্ষণত
গহীন আন্ধাৰক নেওচি
কান্ধত দুটা ডাঙৰি লৈ
পিতাই ঘৰলৈ আহে।।
✍️ ৰিম্পী বড়া
চৰাইদেউ,সাপেখাটী
স্নাতকৰ ষষ্ঠ ষাণ্মাষিকৰ অসমীয়া বিভাগৰ ছাত্ৰী।
ম'বাইল নং- ৯৮৬৪৩৫০৭৩১
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ