থাৰ্টিফাৰ্ষ্ট আৰু নৱবৰ্ষ উদযাপনৰ প্ৰাসংগিকতা - দেৱজিত বৰুৱা

©Admin
0
বিজ্ঞানৰ নিত্য-নতুন আৱিষ্কাৰে আৰু উন্নত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে পৃথিৱীখনক এখন গাঁৱলৈ পৰ্যবসিত কৰিছে। পৰিৱৰ্তনৰ এই বতাহে অসমকো চুই গৈছে। পৰিৱৰ্তনৰ ঢৌৱে লৈ অনা নতুন কিছু গ্ৰহণ কৰি, পুৰণি কিছু সোঁৱৰণীৰ সোঁতত এৰি দি ঋতুৱে ঋতুৱে ৰূপ সলাই নতুন মনৰ নতুন মানুহ সৃষ্টি কৰি অসম আগুৱাই গৈছে। এয়া ভালকথা। কিন্তু বিজ্ঞান প্ৰযুক্তিৰ বিকাশৰ সমান্তৰাল ভাৱে আমি পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি বেছি আকৰ্ষিত হৈছোঁ। এই পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱত আমাৰ নতুন পুৰুষৰ মাজত মূল্যবোধৰ খেলি-মেলি হোৱা দেখা গৈছে। আমি ইংৰাজী বছৰৰ শেষত থাৰ্টিফাষ্ট আৰু নৱবৰ্ষৰ প্ৰাকক্ষণত গাওঁ তথা চহৰত বনভোজ আয়োজন কৰি, গীত-নৃত্য কৰি আনন্দ উল্লাস কৰো। কিন্তু আমি অসমীয়া নৱবৰ্ষৰ সময়ত এই আনন্দ নকৰোঁ। আনন্দ কৰা বাদেই, বহুতে আকৌ কোন দিনত অসমীয়া কি মাহ চলি আছে তাকেই জ্ঞাত নহয়। যুক্তিমতে ইংৰাজী নৱবৰ্ষৰ দৰে অসমীয়া নৱবৰ্ষতো আমি আয়োজন কৰিব লাগে। এইক্ষেত্ৰত বিবেচনা আপোনাৰ, শুদ্ধতা আপোনাৰ, মৌলিকত্ব আপোনাৰ।

✍️দেৱজিত বৰুৱা
দ্বাদশ শ্ৰেণী
শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়,শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)