অসমীয়া সাহিত্য-সাংস্কৃতিক জগতখনত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ অৱদান অতুলনীয়। কুৰি শতিকাৰ এজন অন্যতম শ্ৰেষ্ঠ অসমীয়া হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেতৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুন তাৰিখে ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত। পিতৃৰ নাম পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম কিৰণময়ী আগৰৱালা। সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰা জ্যোতি প্ৰসাদ আগৰৱালাই সৰুৰে পৰা এক সংস্কৃতিৱান পৰিৱেশত ডাঙৰ হৈছিল। তেখেতৰ দেউতাকো আছিল এজন ভাল গায়ক তথা বেহেলাবাদক। অসমীয়া সাংস্কৃতিক জগতখনত জ্যোতিপ্ৰসাদ আগৰৱালা আছিল একাধাৰে কবি, সাহিত্যিক, সংগীতজ্ঞ, নাট্যকাৰ, বোলছবি নিৰ্মাতা আৰু সংগ্ৰামী ৰাজনীতিক। তেওঁ আছিল আধুনিক অসমীয়া সংগীতৰ প্ৰৱৰ্তক লগতে প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’ৰ নিৰ্মাতা। সেই সময়তে তেওঁ জাৰ্মানীৰ বিখ্যাত ইউ.এফ.এ. ষ্টুডিঅ’ দৰ্শন কৰাৰো সুযোগ পায়, যিয়ে তেওঁক প্ৰথমখন অসমীয়া বোলছবি ‘জয়মতী’ নিৰ্মাণ কৰাৰ বাবে যথেষ্টখিনি অনুপ্ৰেৰণা যোগায়।
অসমীয়া সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক অসম সাহিত্য সভাৰ সভাপতি আনন্দ চন্দ্ৰ বৰুৱাই ‘ৰূপকোঁৱৰ’ উপাধিৰে বিভূষিত কৰিছিল। তেওঁৰ মৃত্যুৰ পাছত অসম চৰকাৰে তেওঁৰ মৃত্যুৰ দিনটোক অৰ্থাৎ ১৭ জানুৱাৰী তাৰিখটো গোটেই ৰাজ্যজুৰি ‘শিল্পী দিৱস’ হিচাপে উদযাপন কৰি আহিছে। হাইস্কুলত পঢ়ি থকা অৱস্থাত ১৪ বছৰ বয়সতেই তেওঁ ‘শোণিত কুঁৱৰী’ নাটক আৰু ‘গছে গছে পাতি দিলে’ নামৰ প্ৰকৃত অসমীয়া সুৰ থকা আধুনিক গীত ৰচনা কৰিছিল। তেখেতৰ গীত সৰ্বমুঠ ৩৭৭ টা সংৰক্ষিত হৈ আছে, লগতে ৪৬টা কবিতা, নাটক- শোণিতকুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, নিমাতী কইনা, খনিকৰ, সোণপখিলী, কনকলতা। শিশু সাহিত্য, শিশু-কবিতা, জ্যোতি-ৰামায়ণ, ঘোঁৰা-ডাঙৰীয়া। তেখেতৰ জীৱনী মূলক গ্ৰন্থ "চন্দ্ৰকুমাৰ আগৰৱালাৰ জীৱনী"। চুটিগল্প সমূহ ক্ৰমে ৰূপহী, বগীতৰা, সোণতৰা, সোণটিৰ অভিযান, যুঁজাৰু, সতীৰ সোঁৱৰণী, সন্ধ্যা, প্ৰত্নতাত্ত্বিক কালঘুমটি, নীলা চৰাই। লগতে এখনি উপন্যাস- আমাৰ গাঁও। তেখেতে অসমীয়া ভাষাৰ জেউতি বৃদ্ধি, সুন্দৰৰ সাধনা, সাহিত্যৰ সৃষ্টিৰ লগতে বোলছবি নিৰ্মাতাৰ পৰিচায়ক হিচাপে মনোনিৱেশ কৰি অসমীয়া সাহিত্যৰ সংস্কৃতিৰ জগতখনত এক অতুলনীয় অৱদান আগবঢ়াই গৈছে। যাক নৱপ্ৰজন্মই তেখেতৰ সৃষ্টি ৰাজিৰ সান্নিধ্যত নতুনত্ব দিশত অগ্রসৰ হ'বলৈ সমৰ্থৱান হৈছে।
✍️চিন্ময় ডেকা, জলাহ টংলা ওদালগুৰি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ