ভোগৰ ভোগালী - বিটুমনি কোঁছ

©Admin
0
শীতৰ মাজেদি আহি পালেহি                                অতিকৈ চেনেহৰ ভোগৰ ভোগালী বিহু।
উখল-মাখল মন আমি অসমীয়া
আপোনে আপোনত্ব গোন্ধত হওঁ মতলীয়া।
নাই যদিহে কাষতে আহল-বহল ঠাই
নেলাগে চোতালৰ এমূৰতে হওঁক ভেলাঘৰ।
নহ'লেওঁ হ'ব গগণচুম্বী মেজি, সাজিম চেনেহৰ উল্লাসেৰে সৰুকৈ মেজি।
উখল-মাখল মন আমি অসমীয়া ।
চিৰা ,পিঠা, হাঁহ , মাহ আৰু আলু য'ত যি
গোটাম আজুৰি খাবলৈ এসাজ লগেভাগে বহি।
সংঘাত আহক কোনো কথা নাই।
যন্ত্ৰণাবোৰ আহক কোনো কথা নাই।
ভোগৰ ভোগজৰা ভোগালী বিহুৰ
মাদকতাত পাহৰি সকলো 
উম লম মেজিৰ জুইত।
উখল-মাখল মন আমি অসমীয়া ।
পালিব লাগিব বোপা ককা সজটো ।
উখল-মাখল মন আমি অসমীয়া।

 ✍️বিটুমনি কোঁছ
 ধেমাজি (মাছখোৱা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)