উভতি চাওঁ এপলক অতীত ৰঙীণ দাপোণ ,
পুণৰাই লেছেৰি বুটলি জীৱনৰ
স্মৃতিৰ কোঠালিবোৰ খুলি!
পোৱা নোপোৱাৰ আশা নিৰাশা
এৰি যোৱা আপোনজনৰ উজাৰি লওঁ গোন্ধ,
আকৌ যে নাপাওঁ সিহঁতৰ অভিমানবোৰ!
এবাৰ থমকি যা..
সাৱটি লওঁ বুকুৰ মাজত
গতবৰ্ষৰ হাঁহি কান্দোনৰ মেটমৰা বোজা,
সোণালী শৈশৱ-যৌৱনৰ উন্মণা উত্তাপ,
সফলতাৰ শিখৰ বগাই পোৱা অভিজ্ঞতা!
বিছাৰি যাওঁ হেৰুৱাই পেলোৱা অতীত সুৰভী
প্ৰতিশ্ৰুতিৰ বৈ যোৱা নদী
এবাৰ থমকি যা..
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ