মাতৃ স্নেহত অন্ধ নহবি আই -কুমকুম গগৈ

©Admin
0
আই! তই কান্দিছ...
নাকান্দিবি আই নাকান্দিবি!
তোৰ কৰুণ বিননিয়ে 
আজি
গলাব নোৱাৰে পাশাণৰ হৃদয়।
সেউজীয়া পাহাৰৰ ওখ গাত ঠেকা খাই
তোৰ কান্দোনৰ ধ্বনি 
প্ৰতিধ্বনি হৈ
তোৰ কাষলৈকে ঘুৰি আহিব আই।
তোৰ কান্দোন শুনি আজি আৰু
নৰীয়া গাৰে লাচিত দৌৰী নাহে আই।
আজি অসমীয়াৰ হাতৰ পৰা যাবৰ
জাতি, মাটি, ভেঁটি বেছিপৰ নাই আই!
আজি আৰু জ্যোতিপ্ৰসাডো নাই
কলমেৰে লুইতপৰীয়া ডেকাৰ হৃদয়ত
বিপ্লৱৰ জুই জ্বলাবলৈ।
আই! আজিৰ অসমীয়াই 
তোৰে কোলাতে উমলি জামলি
তোকেই পাহৰিলে আই,
পাহৰিলে তই শিকোৱা
 চেনেহৰ মাত!
আই আজি তোৰেই কোলাতে
তোৰেই ৰূপহী গাভৰুক
নাৰীত্ব কাঢ়ি নি
কলুষিত কৰিছে তোৰ উদাৰ বুকু।
আই আজি আৰু কান্দিবৰ সকাম নাই।
নাকান্দিবি আই নাকান্দিবি।
মাতৃ স্নেহত অন্ধ নহবি তই,
আই, ৰণচণ্ডী মূৰ্তি ধৰি কৰ ধ্বংস
মাতৃ স্নেহৰ মূল্য নুবুজা তোৰেই পাষণ হৃদয়ৰ সন্তানক।
আই, তই বেলি নকৰিবি;
নহলে আজি অসমীয়াৰ অস্তিত্ব হেৰুৱাবি।
যি সন্তানে নুবুজে মৌসনা ভাষাৰ মূল্য,
নুবুজে নিজ ভগ্নীৰ নাৰীত্বৰ মূল,
সেই সন্তান জানো জীয়াই থকাৰ
কিবা লাভ আছে আই!
আই আজি আৰু লাচিত নাহে ওলাই!
তইয়ে ৰণচণ্ডী মূৰ্তি ধৰি 
কৰ ধ্বংস
তোৰ কোলাতেই জন্ম লভা
 দানৱ সমাজক;
মাতৃ স্নেহত অন্ধ নহবি তই আই....!



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)