এখন ইষ্টান্তিক চিঠি -সুশান্ত দাস

©Admin
0
প্ৰতি 
মৰমৰ,
নিসৰ্গৰ নিজৰাৰ নীৰদৰ নিষিদ্ধ নীৰৱতা
কিছু বছৰৰ পৰা মৌন বসন পৰিধান কৰিছা (?)
নয়নৰ আঁতৰ হ'লেই মনৰ আঁতৰ হয় নেকি (?)
সপোনৰ বৃন্দাবনৰ বিৰহিনী ৰাধিকা
আজি
যাজ্ঞসেনী হৈ পৰিছে,
কথা দিলোঁ - “ জীৱনে যদি অভিনন্দন জনাই
সেই সময়ত তোমাক উপহাৰ দিব বিচাৰিম
এপাহি স্বৰ্ণ গোলাপ ”
মৰহা নয়নৰ সেমেকা পিতনিখনত
বোৱাই দিম আনন্দৰ বণ্যা
এইয়া মোৰ কাম্য প্ৰতিশ্ৰুতি ।

বিস্মিত নেকি (?)
মনত আছেনে সেই কঁঠাল কাঠৰ বেঞ্চখন
ওপৰত এজোপা নাহৰে 
হাঁহি থাকে অনায়াসে
মৃদু বতাহৰ আঁৰে আঁৰে 
দুয়োৰে উশাহৰ শব্দই
নৈঃশব্দতাৰ নিনাদ আঁতৰায়,
ভালে আছা বুলি সুধিলেই
যেন থৰক-বৰক 
এমুঠি শব্দৰ বাণ (!)
মনত আছেনে 
বিহুৰ ওলগ জনালোঁ বুলি
ক’বলৈও সাহসৰ অদম্য পৰিচয় দিবলৈ
সক্ষম নোহোৱা তুমিও আৰু
সমান্তৰালকৈ মইও.....
বাৰু ৰ’বা
ক’ৰবাৰ পৰা পানী পৰিছে 
বেলেগ এডোখৰত বহি লওগৈ,
( অশ্ৰু বুলি ভুল নাযাবা; কিন্তু ভুলৰো শুদ্ধ থাকে )
নহ’লে ভিজা কাকতত 
বিয়পি পৰা 
নীলাভ
বাখৰ কেইটি দেখি ক’বা নহয়
“ চিঠি খন লিখোঁ বুলি লিখা নাছিল আপুনি (!) ”
হৃদয়ৰ কটাক্ষ দৃষ্টি 
এইয়া মই বৰ্জন কৰিলোঁ,
তোমাক মোৰ এটা আৱেগ কৰি লোৱাৰ
আকাংক্ষা মনতে থাকি ৰ’ল
মোৰো মন ধীৰে ধীৰে
বিষাদ বিষাদ গোন্ধোৱা হ’ল...
কিছুমান চিঠি
কিছুমান চৰাই
আৰু কিছুমান প্ৰেমৰ 
আয়ুস বৰ কম
প্ৰেম এটা মূৰ্খ চৰাই 
নহয়নে (?)

যিদিনা হাঁ‌হিবোৰ নোহোৱা হৈছিল
আৰু তুমি পিন্ধি আহিছিলা‌ হাঁ‌হিৰ চোলা
তেতিয়াই তোমাক 
মোৰ প্ৰথম দেখা
সকলো চকুৱে 
ভাল নাপায় ৰাতিক
কিন্তু ৰাতিয়েই জাগি থাকে
কাৰোবাৰ প্ৰেমিক
সিদিনা হৃদয় হেৰুওৱা ৰাতি এটাই 
হৃদয়খন বিচৰাত
 দি আহিলোঁ মোৰ হৃদয়
আৰু কোনেও নেদেখাকৈ
 মই 
পিন্ধি ল'লো শিলৰ কলিজা এটা।
শিল এটা বিশেষ চৰিত্ৰ
স্থিৰ, ধীৰ, বীৰ, নীৰ
শিলেই পানী হয় আৰু 
পানীও ঠিক একেদৰে....
বাৰু সামৰো দিয়া
নকওঁ নকওঁ কৈ বহু কথাই 
কৈ দিলোঁ উচ্ছ্বাসত 
সামৰি থোৱা তোমাৰ 
মন দাপোনত
ভেঁকুৰে ধৰিব নিদিবা
 ঠিক আমাৰ
আমৃত্যু প্ৰেমৰ দৰে...

আহিলে জনাবা
লুইত ভটিয়াই নাৱৰ ঘাটত ৰৈ থাকিম মই
আকৌ সেই বেঞ্চত বহিবলৈ
আকৌ এটা শিলৰ কলিজা পৰিধান কৰিবলৈ,
ৰুদ্ধ নোহোৱালৈকে মোৰ প্ৰাণবায়ু...!

ৰ’বা পাহৰিছিলোৱেই...
এখনি ৰঙা মাফ্লাৰ দি পঠাইছোঁ
মে-ডাম-মে-ফিৰ দিনা পিন্ধিবা 
আহোমৰ সেই পোছাকযোৰ পিন্ধোতেই
ডিঙিত লৈ ল’বা 
অন্ততঃ
মই শান্ত্বনা লভিম

[ পুনশ্চঃ সেইদিনা দিবাকৰ ৰৌদ্ৰজ্জ্বল হৈ আছিল
আৰু আমাৰ সম্পৰ্কই নাম পাইছিল ভালপোৱা বুলি ]

°°°°



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)