অশ্ৰু - সুস্মিতা দাস

©Admin
0
অশ্ৰু......
কাৰ বাবে নিগৰে 
তোমাৰ দুচকুৰ অশ্ৰু,
কাৰ বাবে অতীত বিচাৰি ফুৰে 
তোমাৰ দুটি নয়নে ?

তেওঁ জানো বুজি পাব 
তোমাৰ মনৰ কথা ? 
তেওঁ জানো মূল্য দিব
তোমাৰ দুচকুৰে নিগৰি যোৱা অশ্ৰুৰ টোপালক ?

কেতিয়াবা ভাৱিছা নে 
যাৰ বাবে তোমাৰ হৃদয়ে কান্দে,
তেওঁ জানো কেতিয়াবা ভাৱে তোমাৰ কথা !

যদি তোমাৰ অশ্ৰুৰ মূল্য 
তেওঁ দিবই নাজানে , 
তেন্তে কিয় নিগৰিবলৈ দিয়া
তোমাৰ মূল্যবান অশ্ৰুক ?
     
✍️ সুস্মিতা দাস 
      মৰিগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)