তুমি আহিবানে ঘূৰি -ৰিমাশ্ৰী কোচ ৰাজবংশী

©Admin
0
মায়াৱিনী ৰাতিৰ কোলাত অন্ধকাৰৰ সুযোগ লৈ আজি তোমাৰ স্মৃতিবোৰে মোৰ কোমল হৃদয়খনিক বৰকৈ আমনি কৰিছে ।
লিখিছোঁ মই এটি কবিতা ,তুমিহীনতাৰ  ।
তুমি বাৰু গম পাইছানে ...
মোৰ দুচকুত এতিয়া কেৱল অশ্ৰুৰ ৰাজত্ব হ'ল ,
বুকুখন উদং হল , সুখবোৰ আঁতৰি গ'ল, দুখবোৰ লগৰীয়া হ'ল ।
আজি-কালি অশ্ৰুবোৰে লগেই নেৰা হ'ল।

তোমাৰ স্মৃতিবোৰ সদায় দুচকুত ভাহি থাকে।
কি যে ভাল লগা আছিল, অতীতৰ সেই স্মৃতিবোৰ ।

আজি সেই ভাল লগা সময়বোৰ নাই,তুমিও নাই মোৰ কাষত, মাত্ৰ আছে অতীতৰ বৰ্তমানবোৰ আজিৰ অতীতহৈ ।

গ'লাগৈ তুমি নতুন জীৱনৰ সন্ধান বিচাৰি...
মাথোঁ দি থৈ গ'লা মোক কিছুমান মিছা প্ৰতিশ্ৰুতি ।
এবাৰো নাভাবিলা তুমি ,
তুমিবিহীন এই পৃথিৱীত কেনেকৈ জীৱন কটাম বুলি। 
পাৰিম জানোঁ তোমাৰ অবিহনে জীৱন কটাব ।
তুমি যে মোৰ জীৱন জীয়াৰ একমাত্ৰ মন্ত্ৰ ।
তুমি নাভাবিলা .........
গ'লাগৈ মোক এৰি কোনোবা পৰীৰ দেশলৈ।

আনবাৰৰ দৰে এইবাৰো সোনকালেই উভতি অহাৰ প্ৰতিশ্ৰুতি দি, আজিলৈকে অহাই নাই দেখোন তুমি ......
তুমি যোৱাও বহু বছৰে হ'ল।
তথাপি আজিলৈকে নাই তোমাৰ কোনো খবৰ ।
মানুহে কয় তুমি হেনো নাই এই পৃথিৱীত,
কিন্তু মোৰ এই কথাষাৰ অকনো বিশ্বাস নহয় ।
তুমিয়ে জানো কোৱা নাছিলা- মোৰ বাবেই এই পৃথিৱীত জীয়াই থাকিম বুলি ।
তুমি যদি প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈয়ে নোৱাৰা,
তেন্তে কিয় দিছিলা, সুখে - দুখে মোৰ লগত থকাৰ প্ৰতিশ্ৰুতি।

মই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা মানুহক বহুত বেয়া পাওঁ,জানা ! 
কিন্তু তোমাক জানো মই বেয়া পাব পাৰিম;
নাই কেতিয়াও নোৱাৰো ।
কাৰণ, তুমিয়েই যে মোৰ সকলো।
মোৰ প্ৰেমৰ শুকান মৰুভূমিত তুমিয়েই দেখোন ৰক্ত গোলাপৰ বাগিচা পাতিছিলা ।
মোৰ বাবেই দেখোন তুমি তোমাৰ ভাল লগাবোৰো ত্যাগ কৰিছিলা ।

কিন্তু আজি তুমি ক'লৈ গ'লা  মোক এৰি .....
তৰাৰ দেশলৈ নেকি ?
তোমাক সঁচাকৈয়ে লৈ গ'ল নেকি নিষ্ঠুৰ নিয়তিয়ে ধৰি-বান্ধি ?
নাই, নাই...এনে হ'ব নোৱাৰে ।
আজিও আশাৰে বাট চাই আছোঁ,
তুমি ঘূৰি আহিবা বুলি .......
সঁচাকৈ উভতি আহিবানে তুমি ?

আমি যে মাজে- মাজে কথা পতা সেই নদীৰ ঘাটটো , 
সিও বোলে বৰ অকলশৰীয়া হৈ পৰিছে , আমাৰ অনুপস্থিতিত ।
কালি গৈছিলোঁ, তাৰ ওচৰলৈ তাক কলো তোমাৰ সকলো কথা, মোৰ আধৰুৱা প্ৰেম কাহিনী ।
সদায় সন্ধিয়াপৰত পদূলিৰ ফালে জুমি জুমি চাওঁ ,
জানোচা , তুমি আহিছাই ঘূৰি ...
আকৌ আহিবানে তুমি,
অগ্নিদগ্ধ মোৰ হৃদয়খনিত মৰমৰ জলেৰে পুনৰ জুৰ পেলাবানে ?
সম্পূৰ্ণ কৰিবানে মোৰ আধৰুৱা প্ৰেম কাহিনী !

তুমি সঁচাকৈয়ে আহিবানে ঘূৰি ?

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)