স্বাগতম নৱবৰ্ষ - জ্যোতিষ্মান চমুৱা

©Admin
0
 
স্বাগতম নৱবৰ্ষ আদৰিছো তোমাক 
আদৰিছো তোমাৰ স্মৃতিক 
বুকুত অলৌকিক সপোন লৈ 
পুৰণিক পাহৰি এক নতুনত্বৰ সুবাস
দেখাৰ মানসেৰে। 
এক নতুন পোহৰৰ ৰেঙণীৰ আশাত 
আদৰিছো তোমাক আদৰিছো তোমাৰ স্মৃতিক। 
হে' নৱবৰ্ষ পাহৰিব বিচাৰো মই 
পাহৰিব বিচাৰো সেই
মহামাৰী দিনবোৰৰ কথা। 
সমগ্র বিশ্বকে আতংকিত কৰা
মহামাৰী ৰূপ ধাৰণ কৰা 
কৰ'ণা কালৰ কথা। 
শূন্যতাৰে চৌদিশ সিক্ত কৰি পেলোৱা
বিশ্বৰ দৰবাৰত নিবিচাৰো  
শত জনৰ কান্দোনৰ ৰোল। 
অশ্ৰুৰ মুকুতাৰে বিশ্বক নিচিহ্ন কৰা
উজাগৰী দিনবোৰৰ কথা। 
হে" নৱবৰ্ষ আদৰিছো তোমাক 
আদৰিছো তোমাৰ স্মৃতিক। 
দুচকুত সপোন লৈ 
উকা কাগজ পূর্ণ কৰিম
নতুন বছৰত নতুন দিগন্তত। 
আলোড়নেৰে সৃষ্ট পুৰণি কোলাহল পাহৰি
পুৰণি অনুকম্পা খেদি নতুন বছৰত নৱবৰ্ষত 
সাগৰ মথিম,ইতিহাস ৰচিম। 
নতুন প্ৰভাত নতুন চিন্তাৰে
নবীন প্ৰতিশ্ৰুতিৰে এই বিশ্বৰ দৰবাৰত
মৰীচিকা খেদিম। 
হে" নৱবৰ্ষ আদৰিছো তোমাক 
আদৰিছো তোমাৰ স্মৃতিক
পুৰণিক বিদায় দি আদৰণি জনাইছো তোমাক
সোণালী পোহৰেৰে কৰা যেন
শত জনৰ জীৱন জীপাল। 

✍️জ্যোতিষ্মান চমুৱা
লখিমপুৰ , ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)