জোনাকৰ সাধু শুনা গধূলিত
লাগি ৰয় উশাহত
এটি এৰাব নোৱাৰা
সুৱাসৰ নিচা.......,
কবিতাৰ নৈ খনত যেন
উটি-ভাঁহি যাব
বুকুৰ গভীৰৰ পৰা বৈ অহা
অনুভৱৰ এটি এটি কণিকা!
অথচ মই সাঁতুৰিবই নাজানো
জোনাকৰ পুখুৰীত...।
শুভ্ৰতাৰ আঁচল উৰি
মেলি দিম এটি পাহি
কোনে নো জানে?
মই যে নিশাৰ
নিস্তব্ধতাত হে ফুলো
আৰু সৰি পৰোঁ বেলি উঠা আকাশৰ তলত,
পৰি ৰওঁ মাটিত উশাহে লগ এৰি দিয়া
এটি জীয়া সাধু হৈ... ;
তথাপিও নাই মোৰ হেঁপাহৰ শেষ
মই যে শেৱালী,
শৰতৰ বুকুত ফুলি উঠা
নিয়ৰৰ আজন্ম প্ৰেমিকা...!
✍️মিন্টু ডেকা , নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ