শুভ বিবাহ- আব্দুৰ ৰৌফ মন্ডল

©Admin
0
সৰু কালতে এজনক মন প্ৰাণ ভৰি ভাল পাইছিলোঁ। ল'ৰা এজন  বৰ ভাল আৰু অমায়িক আছিল।সিয়োঁ মোক প্ৰাণ ভৰি ভাল পাইছিল।ঘৰত  মা-দেউতাই কথাটো গম পাই মোক জুৰ-জুলুম কৰি অন্য এজন ল'ৰা লৈ বিয়া দিলে।প্ৰথমতে মই ৰাজি হোৱা নাছিলোঁ, মা, দেউতাৰ বুজনি আৰু ইমোশ্বনেল ব্ল্যাক মেইল, যেনে দেউতাৰ ষ্ট্ৰকৰ নাটক মাৰ ডাইব্ৰেটিছ আৰু পেছাৰৰ বাহানা। ময়ো মনে মনে মা, দেউতাক হেৰুৱাৰ ভয়ত তেখেত লোকৰ ইচ্ছাৰ বিৰুদ্ধে নগৈ সকলো পাহৰি বিয়াত মত দিলোঁ। লগতে মই কাম কৰা ব্যাক্তিগত খণ্ডৰ বেংকৰ চাকৰিটোও এৰি দিলোঁ। বিয়াৰ ১৫ দিন পিছত হে উৰহি গছৰ উৰ টো ওলাল। মোক যিজন ল'ৰা লৈ বিয়া দিলে সি অন্য এজনী নাৰীৰ প্ৰতি আসক্ত। মোৰ মুৰৰ ওপৰত আকাশ ভাঙি পৰিল। ক'ত যাওঁ কি কৰো  চকুৰে কেৱল আন্ধাৰ হে দেখিছোঁ। অৱশেষত ধৈৰ্য্যৰ বান্ধ ছিঙি যোৱাত মা, দেউতাক  কথাটো জনালোঁ। মা, দেউতাই এতিয়া পাপৰ পায়শ্চিত্ব কৰিছে, নিৰৱে চকুলো টুকিছে। ইতিমধ্যে মোৰ সকলো শেষ হৈ গৈছে। কেইদিন মান পিছত মোৰ আদালতত ডিৰ্ভোছ হব, আৰু মই ধূলিৰ লগত মিহলি হৈ যাম। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)