হেৰুৱাব নোৱাৰোঁ অবুজ ভাষা
এৰিব নোৱাৰোঁ
স্পন্দিত মনৰ আশা
ঠন ধৰা দিন বিলাক
হঠাৎ
ঠেকেচি থৈ গ'ল শিল বৰষণে ।
লিপিবদ্ধ কথাবোৰ
লিখাতে থাকিল
কবলৈ নাপালোঁ মোৰ প্ৰেয়সীক
আজি প্ৰেয়সীৰ চিনাকি হেৰাল ।
মৰা নদীৰ কাষত
কিমান বেজাৰ আছে
জুখি চাবলৈ মন গ'ল প্ৰথম পুৱাই
নদীৰ গৰাত ফুটকলা পঁকিছে
জেতুলিপকাও পঁকিছে টিক টিক ৰঙা হৈ
জয়াল ঠাই
ভয়ত কঁপিছে মন
আগুৱাই যাবলৈ সাহস নাই
কিদৰে বুজাম মনৰ কথাবোৰ
কিদৰে লিখিম কবিতাৰ ভাষা
ক'বলৈ প্ৰেয়সী কাষত নাই
অজানিতে হেৰুৱালোঁ মন ।
==================
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ