পহৰা দি আছে
বাগিচাৰ ফুলবোৰে
জোনৰ পোহৰত নৃত্য কৰি আছে
নিশাচৰ পক্ষীয়ে গছৰ ডালত বহি ডেউকা জোকাৰিছে
পদ পথৰ শিশুবোৰে
ময়লাযুক্ত বটল বুটলিছে।
আশাৰ বতৰা লৈ প্ৰভাতে মাতিছে
স্নিগ্ধ পোহৰত সকলোৱে
ঘৰমূৱা হৈ আছে।
ভঙা পজাত কান্ত দেহ লৈ
আকৌ বটলৰ মলিবোৰ
চাফা কৰি আছে।
পূৱাৰ এসাঁজ খাদ্য মানেই
ফুটপাথৰ শুকান ৰুটি আৰু চাহ
বিলাসীতা মানে কান্ধত মোনা এটা লৈ
নিদ্ৰাহীনতাত খোজ কাঢ়ি থকা ।
দিনবোৰ এনেদৰেই বাগৰি আছে
পিঠিত বটলৰ মোনাৰ সৈতে।
সলনি হ'ল যুগ, সলনি হ'ল সকলোৱে
সলনি হোৱা নাই অকল ফুটপাথৰ শিশুবোৰ।
চহৰৰ ৰাস্তাত শীতৰ মাজত
বস্ত্ৰ আৰু খাদ্যৰ বাবে
পৰিস্থিতিৰ লগত যুঁজি আছে
ব্যস্ততাৰ মাজত ভাগৰুৱা শৰীৰে শান্তি পাহৰিছে
অসৎ আনন্দ আৰু পৱিত্ৰ বেদনাৰ যুঁজত
পৰাজিত হৈয়ো জীৱনৰ সংগ্ৰাম অব্যাহত ৰাখিছে ।
Mind blowing
ReplyDelete