বৰ্তমান হৈ পৰে অতীত।
সময়ৰ লগে লগে
ধূসৰ হৈ গৈ থাকে বহু স্মৃতি।
আকৌ ,
মাজে সময়ে পুনৰ ঠন ধৰি উঠে
জিপাল স্মৃতিৰ বটবৃক্ষ ।
দুচকুৰ পৰ্দাত ওলমি ৰয় তোমাৰ প্ৰতিচ্ছবি।
কেতিয়াবা আহি সোঁৱৰণিয়ে,
তিয়াই যায় দুচকু;
আকৌ কেতিয়াবা
দুই ওঁঠত আঁকি দিয়ে হাঁহি।
আজি তুমিও মোৰ অতীত,
মৃত্যুৰ কেঁকোৰা চেপা দিয়া হাতে
লৈ গ'ল তোমাক কোনোবা অজান দেশলৈ,
কিন্তু তুমি অমৰ হৈয়ে
থাকি গ'লা মোৰ হৃদয়ত ।
✍️কুমকুম গগৈ
শিৱসাগৰ, অসম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ