মাথো শূন্যতা -বিদিশা বসুমতাৰী

©Admin
1
মই অভিমান কৰা নাই
মাথো হৃদয় খনহে দেখোন
নীৰৱতাৰে ভৰি পৰিছে  ।
মৌনতাৰে বিৰাজমান
হৃদয়ৰ প্ৰতিটো কোণ  ।
চৌপাশো দেখোন এতিয়া
নিস্তব্ধতাৰে পৰিপূৰ্ণ  ।
সাতোৰঙী ৰঙেৰে
দুহাত বুলাই
জীৱন ৰঙীন কৰাৰ সপোন
আজি যেন শূন্যতাস্বৰূপ ।
সময়ৰ বুকুত ভৰি থৈ
বহুদূৰেই আগুৱাই আহিলো ।
কি পালো
কি হেৰুৱালো
উভতি চাই দেখো
 মাথো শূন্যতা ।
এতিয়া যেন অভিমানী জীৱনৰ
সীমাহীন প্ৰশ্নৰ উত্তৰ বিচাৰি
মই ভাগৰি পৰিছো ।
প্ৰতিটো পুৱাৰে আৰম্ভণি
বেলেগ বেলেগ
প্ৰস্তুতি কিহৰ কৰিম ?মাথো শূন্যতা
 
        ✍️বিদিশা বসুমতাৰী
              মৰিগাঁও,অসম        

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment