মনৰ অনুভৱৰ একলম- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
কি পালোঁ আৰু কি হেৰুৱালোঁ
সে‌য়া ভাবিবলৈ মোৰ আহৰি নাই
কোনটো দিন বেছি সুখৰ আছিল
কোনটো দিন বেছি দুখৰ আছিল
সেয়াও নিৰ্ণয় নকৰোঁ মই ।
মই বৰ্তমানতহে জীয়াই থাকিম
সেয়ে এনেকৈয়ে সামৰোচোন
অতীতৰ সেই সোণালী আৰু
বিষাদৰ দিনবোৰ...... 
কিয়নো বেদনাভৰা কথাবোৰ ভাবি
নিজকে কষ্ট দিম নতুন দিনত
সুখেহে জীৱন সোণালী কৰে
দুখবোৰে মাথোঁ নতুন আঘাত
সৃষ্টি কৰি হৃদয়ত কষ্ট দিয়ে।
সপোন সন্ধানী অভিমানী মনটো
এনেকৈয়ে জীপাল কৰি ৰাখিম
আৱেগভৰা কথাবোৰ সদায়
ডায়েৰিৰ পৃষ্ঠাত যুগমীয়া কৰিম
অনুভূতিৰ অভিব্যক্তিৰ টুকুৰাবোৰ
যোৰা লগাই এটা এটাকৈ
সুন্দৰ ৰূপ দিম....... ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)